শীৰ্ষ বাতৰি

আজিৰ পৰা বন্ধ থাকিব মদৰ দোকান, সংযোজন হ'ব নতুন বৰ্ধিত মূল্য

Sentinel Digital Desk

আজি ৯ মে'ৰ পৰা ৰাজ্যৰ সকলো ৱাইন শ্বপ বা মদৰ দোকান বন্ধ থাকিব। অসম চৰকাৰে সুৰাৰ মূল্য ২৫ শতাংশ বৃদ্ধি কৰিছে। এই নতুন মূল্য বা এম আৰ পি সংযোজিত নোহোৱালৈকে সুৰাৰ দোকানসমূহ বন্ধ থাকিব বুলি এক সূত্ৰই জনায। উল্লেখ্য যে কৱিড-১৯মহাৰাৰী ৰোধৰ উদ্দেশ্য ঘোষিত তলাবন্ধই জোঁকাৰি পেলোৱা ৰাজ্যৰ অৰ্থনীতিক পুনৰুদ্ধাৰৰ এলানি পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ অংশস্বৰুপে সুৰাৰ ওপৰত আৰোপিত শুল্ক ২৫শতাংশ বৃদ্ধি কৰি ৰাজ্য চৰকাৰে বছৰি অতিৰিক্ত এহেজাৰ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে৷গতিকে সুৰাৰ বটলসমূহত নতুন এম আৰ পি লগোৱাটো প্ৰয়োজন হৈছে। এই নতুন এম আৰ পি মোহৰযুক্ত সুৰাৰ বটল বজাৰলৈ অহাৰ পাছতহে মদৰ দোকানসমূহ মুকলিৰ অনুমতি দিয়া হব বুলি আবকাৰী বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।