শীৰ্ষ বাতৰি

সম্পৰ্ণ লক-ডাউন ঘোষিত ৱাৰ্ডসমূহত কি কি খোলা থাকিব!

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত চৰকাৰে আজি নিশা ৯ বজাৰ পৰা গুৱাহাটী মহানগৰীৰ কেতবোৰ স্থানত পুনৰ সম্পূৰ্ণ লক-ডাউন ঘোষণা কৰিছে। সম্পূৰ্ণ লক-ডাউন ঘোষিত এই অঞ্চলসমূহ মহানগৰীৰ ১১টা ৱাৰ্ডৰ অন্তৰ্গত। সম্পূৰ্ণ ১৪ দিনৰ বাবে বাহাল থাকিব এই লক-ডাউন। এই ১৪ দিনৰ বাবে এই অঞ্চলসমূহত বাতিল কৰা হৈছে বিভিন্ন সেৱা আৰু ব্যৱসায়িক কাম-কাজ।

অৱশ্যে অত্যাৱশ্যকীয় সেৱা আৰু কাম-কাজক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। এই কাম-কাজ আৰু সেৱাসমূহ হ'লঃ

১) লক-ডাউনৰ এই ১৪ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, জৰুৰীকালীন সেৱা, ফলমূল, শাক-পাচলি আৰু গাখীৰৰ দোকান খোলা থাকিব।

২)জৰুৰীকালীন সেৱাৰ যান-বাহন। অৱশ্যে জৰুৰীকালীন সেৱাক বাদ কৰি যিকোনো ব্যক্তিগত বাহন, যাত্ৰীবাহী বাহনৰ চলাচল নিষিদ্ধ থাকিব। পূৰ্বতকৈ অধিক কটকটীয়া তথা কঠোৰ হ'ব এই ল'কডাউন। তাৰ বাবে সষ্টম কৰি তোলা হৈছে আৰক্ষী প্ৰশাসনক।