শীৰ্ষ বাতৰি

গুৱাহাটী মহানগৰত লকডাউনত কিছু শিথিলতা ঘোষণা ৰাজ্য চৰকাৰৰ

Sentinel Digital Desk

পুনৰ এসপ্তাহৰ বাবে গুৱাহাটী তথা কামৰূপ(মহানগৰ)জিলাত ঘোষণা কৰা তলাবন্ধ বা লক-ডাউনৰ ক্ষেত্ৰত সম্প্ৰতি কিছু শিথলতা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আজি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই শিথিলতা ঘোষণা কৰে। মুখ্য সচিবগৰাকীয়ে এক নিৰ্দেশযোগে প্ৰদান কৰা এই শিথিলতা এনেধৰণৰঃ

১) তলাবন্ধৰ সময়ছোৱাত সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪বজালৈ ই-কমাৰ্চ ব্যৱসায়ত অনুমতি।

২) ভাৰতীয় খাদ্য নিগম(এফ চি আই)-এ ন্যূনতম কৰ্মচাৰীক লৈ খাদ্য-বস্তু সম্পৰ্কীয় কাম-কাজ চলাব পাৰিব

৩) সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ ঘৰে ঘৰে হাঁহ-কুকুৰা আৰু ছাগলী মাংস যোগান ধৰিব পাৰিব।

উল্লেখ্য যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত যোৱা ১১ জুনত ৰাজ্য চৰকাৰে কামৰূপ মহানগৰত এসপ্তাহৰ বাবে লকডাউনৰ ম্যাদ বৃদ্ধি কৰে।