শীৰ্ষ বাতৰি

ৰে'ল লাইনৰ কাষত ষ্টাণ্ট! ভিডিঅ' বনাবলৈ গৈ ৰে'লৰ খুন্দাত মৃত্যু যুৱকৰ!

ৰে’ল লাইনৰ সমীপত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ মৰ্মান্তিক মৃত্যু এজন যুৱকৰ।

Sentinel Digital Desk

দেওবাৰে মধ্য প্ৰদেশ ইটাৰচি-নাগপুৰ ৰে'ল পথত সংঘটিত হয় এই ঘটনা ।

মধ্যপ্ৰদেশৰ হোচঙ্গাবাদ জিলাৰ আৰক্ষীয়ে সোমবাৰে জনোৱা অনুসৰি ৰে'লপথৰ কাষত ভিডিঅ'ৰ বাবে পোজ দি থকা অৱস্থাত ৰে'লৰ খুন্দাত এজন ২২ বছৰীয়া যুৱকৰ মৃত্যু হয়।

ঘটনাটো দেওবাৰে ইটাৰচি-নাগপুৰ ৰে'ল পথত সংঘটিত হৈছিল আৰু মৃতব্যক্তিজনক পাঞ্জাৰা কালা গাঁৱৰ বাসিন্দা সঞ্জু চৌৰে (২২) বুলি চিনাক্ত কৰা হৈছে, পাথৰোটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নাগেশ বাৰ্মাই পিটিআইক জনায়।

সকলো পাহৰি দুঃসাহসিক ভিডিঅ' বনোৱাত বন্ধুৰে সৈতে ব্যস্ত আছিল যুৱকজন । ৰে'লৰ চালকে বহুবাৰ হৰ্ণ দিয়াৰ পিছতো কোনো লাভ নহ'ল। প'জ দিয়াৰ সময়তে ঘটিল মৰ্মান্তিক ঘটনাটো। ৰে'লৰ খুন্দাত কেইবাফুট দূৰৈত পৰিলগৈ যুৱকজন। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদি মৃত বুলি ঘোষণা কৰে চিকিৎসকে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো ।