শীৰ্ষ বাতৰি

৬.১ ভূমিকম্পই জোকাৰি গ'ল আফগানিস্তানক, নিহত ১৩০ জন

Sentinel Digital Desk

কাবুলঃ বুধবাৰে পুৱতি নিশা ৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে আফগানিস্তানক আৰু দেশখনত হোৱা প্ৰৱল ভূমিকম্পৰ ফলত ১৩০ জন লোকৰ মৃত্যুৰ দাবী কৰা হৈছে

দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলৰ মতে, ভূমিকম্পৰ ফলত দেশখনত মৃত্যু হৈছে কমেও ২৫০ জন লোকৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰস্থল আফগানিস্তানৰ খোষ্ট চহৰৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ দূৰত আছিল আৰু ৫১ কিলোমিটাৰ গভীৰতাত আছিল।

এই ভূমিকম্পই মানেই শক্তিশালী আছিল যে চুবুৰীয়া পাকিস্তানৰ কোৱেটাৰ লাহোৰ, মুলতানতো মানুহে কম্পন অনুভৱ কৰিছিল। ইয়াৰ উপৰিও, ভাৰততো কম্পন অনুভৱ হোৱাৰ খবৰ পোৱা গৈছে।

আফগান ৰাজধানী কাবুলৰ এজন বাসিন্দাই ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰৰ (ইএমএছচি) এটা ৱেবছাইটত পোষ্ট কৰি কয়, ''শক্তিশালী আৰু দীঘলীয়া জোকাৰণি।''

খবৰ অনুসৰি, মঙলবাৰে নিশা পাকিস্তানতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল কিয়নো ইয়াত দুপৰীয়া ২:২৪ বজাত ৬.১ প্ৰাবল্যৰ ভূমিকম্প হৈছিল।

অৱশ্যে, সৌভাগ্যক্ৰমে, পাকিস্তানত হোৱা ভূমিকম্পত কোনো প্ৰাণহানি বা সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা হোৱা নাই। ইয়াৰ উপৰিও, মালয়েছিয়াত নিশা পলমকৈ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ প্ৰাবল্য ইয়াত ৫.১ আছিল।