শীৰ্ষ বাতৰি

অযোগ্য ঘোষিত বিধায়কক মুখ্যমন্ত্ৰীৰ উপদেষ্টা নিযুক্তিঃ মণিপুৰত প্ৰতিক্ৰিয়া

Sentinel Digital Desk

অযোগ্য ঘোষিত বিধায়কক মুখ্যমন্ত্ৰীৰ উপদেষ্টা নিযুক্তিঃ মণিপুৰত প্ৰতিক্ৰিয়া

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ উপদেষ্টাৰূপে বিধায়ক পদৰ বাবে অযোগ্য ঘোষিত এজন ৰাজনৈতিক নেতাই নিযুক্তি পোৱাক কেন্দ্ৰ কৰি ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে ৰাজ্যখনৰ পূৰ্বৰ সাতজন কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰাত তেওঁলোকক বিধায়ক পদৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। এই সংক্ৰান্তীয় চূড়ান্ত ৰায় উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিছে । এনে অৱস্থাতে মুখ্যমন্ত্ৰী সিঙে এই অযোগ্য ঘোষিত বিধায়কসকলৰ অন্যতম তথা প্ৰাক্তন মন্ত্ৰী টি শ্যাম কুমাৰ সিঙক নিজৰ উপদেষ্টাৰূপে নিয়োগ কৰিছে ৷ সিঙক এই নিযুক্তি দি শনিবাৰে মণিপুৰৰ মুখ্য সচিব জে সুৰেশ বাবুৱে নিৰ্দেশনা জাৰি কৰে ৷ এই তথ্য পোহৰলৈ অহাৰ পাছতে ৰাজ্যখনত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিৰোধী কংগ্ৰেছে প্ৰাক্তন মন্ত্ৰীজনৰ এই নিযুক্তিক অবৈধ আখ্যা দিছে ৷

মুখ্যমন্ত্ৰী সিঙৰ এই স্থিতিক সমালোচনা কৰি ৰাজ্যিক কংগ্ৰেছৰ মুখপাত্ৰ এন বীৰেন্দ্ৰ মেইতিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোক অবৈধ আখ্যা দিছে ৷ উল্লেখ্য যে কংগ্ৰেছে দাখিল কৰা আবেদনৰ ভিত্তিত এই সাত বিধায়কৰ বিৰুদ্ধে যোৱা মাৰ্চত ব্যৱস্থা গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে ৷ সেই সময়ত মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা শ্যামকুমাৰৰ বিধানসভাত প্ৰবেশতো নিষেধাজ্ঞা আৰোপ কৰে ন্যায়ালয়ে ৷ পৰৱৰ্তী সময়ত যোৱা ২৮ মাৰ্চত বিধানসভাৰ অধ্যক্ষই আটাইকেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।  

আৰু পঢ়িব পাৰেঃ