শীৰ্ষ বাতৰি

ক'ৰ'না পজিটিভ হ'ল বিজেপি বিধায়ক মিহিৰ কান্তি সোম

Sentinel Digital Desk

ৰাজ্যৰ আৰু এজন জনপ্ৰতিনিধি আক্ৰান্ত হৈছে ক'ৰ'না মহামাৰীত। প্ৰাপ্ত তথ্য অনুসৰি উদাৰবন্দ সমষ্টিৰ বিজেপি বিদায়ক মিহিৰ কান্তি সোমৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। তদুপৰি পৰিয়ালৰ সদস্যবৰ্গও ক'ৰ'না পজিটিভ হৈছে। কালি বিধায়ক সোমৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়। সেই মৰ্মে তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'নাত আক্ৰান্ত হোৱা বিধায়কৰ সংখ্যা ৮জনলৈ বৃদ্ধি পাইছে।