শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত হ'ল দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা

Sentinel Digital Desk

ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে ৰাজ্যৰ আৰু এজন জনপ্ৰতিনিধি।। প্ৰাপ্ত তথ্য অনুসৰি দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। আজি তেওঁৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়। এই প্ৰতিবেদনত তেওঁ ক'ৰ'না পজিটিভ হোৱাটো নিশ্চিত হৈছে। বিগত কিছুদিন ধৰি বিধায়ক গোৱালা জ্বৰত আক্ৰান্ত আছিল।

তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰাৰ পৰাৰ লগে লগে বিধায়ক গোৱালাক ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়।  উল্লেখ্য যে ৰাজ্যত আঠজন বিধায়ক কৰনাত আক্ৰান্ত হৈছে। ইয়াৰে সাতজন শাসকীয় বিজেপিৰ আৰু এজন কংগ্ৰেছৰ।