শীৰ্ষ বাতৰি

২০২১ৰ নিৰ্বাচনঃ কেৱল দলৰ বাবহে কাম কৰিব শৰ্মাই

Sentinel Digital Desk

আগন্তুক ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ নহয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আগন্তক এই নিৰ্বাচনত নিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিৱৰ্তে মন্ত্ৰীজনে দলৰ বাবেহে সৰ্বোচ্চ উজাৰি দিব। ইয়াৰ জৰিয়তে তেওঁ দলে ন্যূনতম এশখন আসন লাভ কৰাটো নিশ্চিত কৰিব। টুইটাৰত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী শৰ্মাই। এটা টুইটত মন্ত্ৰী শৰ্মাই কয়, " কিছুসংখ্য়ক মানুহে ভাবে যে মই পদ আৰু আসনৰ পাছত আছো। কিন্তু মোৰ একমাত্ৰ আকাংক্ষা হৈছে আগন্তুক নিৰ্বাচনত বিজেপিয়ে এশখন আসন লাভ কৰাটো নিশ্চিত কৰা"।

জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী শৰ্মাই অৱশ্যে কেনেধৰণৰ মানুহে তেওঁ পদবীৰ পাছত দৌৰা বুলি ভাবে, তাৰ বিষয়ে উল্লেখ কৰাৰ পৰা বিৰত থাকে। লক্ষ্যণীয়ভাবে ্অলপতে বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে মন্ত্ৰী শৰ্মা মুখ্যমন্ত্ৰী পদৰ লালসাত আছে। উল্লেখ্য যে আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থিত্বৰ দৌৰত মন্ত্ৰী শৰ্মাও আছে বুলি বিভিন্ন স্তৰত চৰ্চা হৈছে। এনে অৱস্থাতে মন্ত্ৰীজনে কৰা এই মন্তব্য তাতপৰ্যপূৰ্ণ হৈছে।