শীৰ্ষ বাতৰি

১৬ জুনত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীবৰ্গৰে মোদীৰ ভিডিঅ' কনফাৰেন্স

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাব ঘটাৰ সময়তে অহা ১৬ আৰু ১৭ জুনত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়(পি এম অ')-এ টুইটাৰত প্ৰকাশ কৰা অনুসৰি অহা ১৬জুনত মোদীয়ে উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ লগতে আন ১৩খন ৰাজ্যৰ মুখ্যমন্ত্ৰীবৰ্গৰ সৈতে ভিডিঅ' কনফাৰেন্সত মিলিত হ'ব ৷ উল্লেখ্য যে অন্তিমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ভিডিঅ' কনফাৰেন্সত মিলিত হয় বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ড সন্দৰ্ভত ৷ ইয়াৰ পূৰ্বে যোৱা ১১মে'ত ক'ৰ'না মহামাৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী সোণোৱালসহ দেশৰ অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ এই আলোচনাক লৈ ইতিমধ্যে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷