শীৰ্ষ বাতৰি

বান পৰিস্থতিৰ অধিক অৱনতিৰ আশংকাঃ ৪৮ ঘণ্টাত প্ৰচুৰ বৰষুণৰ সম্ভৱনা

Sentinel Digital Desk

ৰাজ্যৰ জটিল বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা প্ৰকট হৈছে। মহাবাহু ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈয়ে ৰাজ্যৰ চৌদিশে সংহাৰ আৰম্ভ কৰিছে। এনে জটিল অৱস্থাতে তথ্য পোৱা গৈছে যে অসম তথা উত্তৰ–পূবত আগন্তুক ৪৮ ঘণ্টাত হ'ব মূষলধাৰ বৰষুণ। এই সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ফলত ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা আছে। উজনি অসমৰ লগতে নামনিৰ বহু জিলা এতিয়া বানৰ কবলত। বিভিন্ন স্থানত মথাউৰি ভাঙি সৃষ্টি হৈছে মহাপ্লাৱনৰ। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে–ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ লগতে নৈ–উপনৈসমূহৰ জলপৃষ্ঠ। ইতিমধ্যে ৰাজ্যত চলিত বছৰত বানত মৃত্যু হৈছে ৪৪জন লোকৰ। গুৱাহাটীতো বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ।