শীৰ্ষ বাতৰি

নগালেণ্ডতো ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উদ্বেগজনকঃ আক্ৰান্তৰ সংখ্যা ১২৩লৈ বৃদ্ধি

Sentinel Digital Desk

নগালেণ্ডতো ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উদ্বেগজনকঃ আক্ৰান্তৰ সংখ্যা ১২৩লৈ বৃদ্ধি

অসমৰ দৰে নগালেণ্ডতো ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। শেহতীয়া তথ্য অনুসৰি পাহাৰীয়া ৰাজ্যখনত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা ১২৩জনলৈ বৃদ্ধি পাইছে। চৰকাৰীভাবে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত নতুনকৈ ৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। ফলত মুঠ ক'ৰ'না আক্ৰান্তৰ

সংখ্যা ১২৩লৈ বৃদ্ধি পাইছে। এই ৫ আক্ৰান্তৰ দুজন ডিমাপুৰৰ কোৱাৰেণ্টিন কেন্দ্ৰৰ আৰু তিনিজন ক'হিমাৰ। এই সম্পৰ্কত নগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পি ফমে কয় যে শেহতীয়াভাবে ২২০ টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে ৫টা নমুনা পজিটিভ হৈছে। ইয়াৰে দুজন লোক ডিমাপুৰৰ কোৱাৰেণ্টিন কেন্দ্ৰৰ আৰু তিনিজন ক'হিমাৰ। উল্লেখ্য যে নগালেণ্ডত যোৱা ২৬ মে'ত প্ৰথম ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। তাৰ পাছৰ পৰা ৰাজ্যখনত ক'ৰ'না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাই আছে। ইপিনে, দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই সম্প্ৰতি দুই লক্ষৰ ঘৰ অতিক্ৰম কৰিছে।