শীৰ্ষ বাতৰি

ক'ৰ'না মহামাৰীঃ নগালেণ্ডত চাৰিজনলৈ বৃদ্ধি ক'ৰ'না আক্ৰান্ত ৰোগী

Sentinel Digital Desk

ক'ৰ'না মহামাৰীঃ নগালেণ্ডত চাৰিজনলৈ বৃদ্ধি ক'ৰ'না আক্ৰান্ত ৰোগী

ছিকিমৰ পিছত এইবাৰ নগালেণ্ডত ওলাল ক'ৰ'না আক্ৰান্ত ৰোগী । সোমবাৰে তিনিজন ব্যক্তি চেন্নাইৰ পৰা নগালেণ্ডলৈ অহাৰ পিছতেই ব্যক্তি গৰাকীৰ দেহত ধৰা পৰে ক'ৰ'না ভাইৰাছৰ অৱস্থিতি।

উল্লেখযোগ্য যে চৰকাৰী তথ্য অনুসৰি কোভিড-১৯ ৰ সময়চোৱাত উত্তৰ-পূৰ্বাঞ্চললৈ দেশৰ বিভিন্ন ঠাইৰ পৰা বহু লোক আহিছে ।‌ তাৰ ফলত ক'ৰ'না আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি নগালেণ্ডত চাৰিজনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইপিউ ৰিঅ'ই টুইটাৰ যোগে কয়, '' দুৰ্ভাগ্যবশতঃ ডিমাপুৰৰ দুজন ব্যক্তি আৰু ক'হিমাৰ এজন ব্যক্তিৰ দেহত পোৱা গৈছে ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। অনুগ্ৰহ কৰি শংকিত নহ'ব । আমি এয়া অত্যন্ত সজগতা আৰু দায়িত্ব সহকাৰে পৰিচালনা কৰা উচিত " ।

ইপিনে, নগালেণ্ডৰ প্ৰধান সচিব মেনুখোল জনে ক'হিমাত কয় যে শুক্ৰবাৰে চেন্নাইৰ পৰা উভতা এগৰাকী মহিলা সহিতে তিনিজন লোকৰ দেহত পোৱা যায় ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। সম্প্ৰতি তেওঁলোকৰ চিকিৎসা ডিমাপুৰ জিলা চিকিৎসালয় আৰু কোহিমাৰ চাদেমা চিকিৎসালয়ত চলি আছে ।

আনহাতে, চৰকাৰী তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ভিতৰত নগালেণ্ড অন্তিম স্থানত আছে য'ত ছিকিমৰ পিছত ক'ভিড-১৯ ৰ ঘটনা পোহৰলৈ আহে। তাৰ পূৰ্বে ডিমাপুৰৰ এজন ব্যৱসায়ীৰ দেহত পোৱা গৈছিল কোৰোনা ভাইৰাছৰ অৱস্থিতি। গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত তেওঁৰ পৰীক্ষা হোৱাৰ পিছত তেওঁক ১২ এপ্ৰিলত ডিমাপুৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্যে এমাহৰ ভিতৰতে তেওঁ সুস্থ হৈ উঠে ।

ছিকিমৰ স্বাস্থ্য বিভাগৰ সচিব পেম্বা টি ভুটিয়াই কয় যে ৰাজ্যখনৰ প্ৰথমবাৰৰ বাবে ২৫ বছৰীয়া এগৰাকী ছাত্ৰৰ দেহত ক'ৰ'নাৰ অৱস্থিতি ধৰা পৰে যিজন ছাত্ৰ দিল্লীৰ পৰা আহিছিল।