শীৰ্ষ বাতৰি

সমগ্ৰ দেশত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ এই দিৱসৰ ইতিহাস আৰু ইতিবৃত্ত

Sentinel Digital Desk

আজি ১৬ নৱেম্বৰত সমগ্ৰ দেশত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ ১৯৬৬ৰ ১৬ নৱেম্বৰত সাংবিধানিক তথা অৰ্ধ-ন্যায়িক সংস্থা প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হয় ৷ আজিৰ এই দিনটোত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয় ৷ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া গঠনৰ উদ্দশ্য়ে আছিল ভাৰতীয় ছপা মাধ্যমৰ মান অক্ষু্ন্ন ৰখা। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ জৰিয়তে দেশত স্বাধীন আৰু দায়িত্বশীল সংবাদ মাধ্যম থকাৰ কথাও মনত পেলোৱা হয়। 

উল্লেখ্য যে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া এগৰাকী অধ্যক্ষ ( উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ) আৰু ২৮ গৰাকী অতিৰিক্ত সদস্যৰে গঠিত। এই ২৮ গৰাকী অতিৰিক্ত সদস্যৰ ২০ গৰাকী সংবাদ মাধ্যমৰ সদস্য, ৫ গৰাকী লোকসভা আৰু ৰাজ্যসভাৰ সদস্য । তিনি গৰাকী সদস্য সাহিত্য, সংস্কৃতি আৰু আইন ক্ষেত্ৰৰ প্ৰতিনিধি। বৰ্তমানে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ  অধ্যক্ষ হৈছে ন্যায়াধীশ চন্দ্ৰমৌলী কুমাৰ প্ৰসাদ। 

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বিভিন্নজনে শুভেচ্ছা জনাইছে। এটা টুইটত মুখ্যমন্ত্ৰীয়ে কয়, '' ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সংবাদ মাধ্যমৰে জড়িত সকলোলৈকে শুভেচ্ছা জনালো।''