শীৰ্ষ বাতৰি

চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ এন ডি এফ বি ( এছ) ৰ

Sentinel Digital Desk

চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ এন ডি এফ বি ( এছ) ৰ । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰি শান্তি প্ৰক্ৰিয়াত চামিল হোৱাৰ ক্ষেত্ৰত এন ডি এফ বি (এছ) নেছনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড ক আদৰণি জনাইছে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।শুক্ৰবাৰে সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে মন্তব্য কৰে যে এন ডি এফ বি (এছ) য়ে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে বৃহস্পতিবাৰে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিছে।

কেন্দ্র চৰকাৰ,ৰাজ্য চৰকাৰ আৰু এন ডি এফ বি (এছ) তিনিটা পক্ষৰ মাজতে অতি সোনকালে হব এক বুজা বুজি চুক্তি। সশস্ত্ৰ সংগঠনটোৰ স্বয়ম্ভূ কেপ্তেইন তথা সভাপতি বি চাওঁৰাইগাৰ নেতৃত্বত ২৭ জনীয়া দল এটাই শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। এই সকলে সমাজৰ মূল সূতিলৈ উভটি আহিব বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে শান্তি আলোচনাৰ বাবে আগবাঢ়ি অহা এন ডি এফ বি(এছ) ৰ গোটটোত আছে সংগঠনটোৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেগা ওৰফে ৰঞ্জিত বসুমতাৰী আৰু বিত্ত সচিব তথা ইৰাক দাও গোটৰ মুৰব্বী বি দৈ মিলু ওৰফে দয়াল বড়ো।

২৭ জনীয়া দলটোত শিশু আৰু মহিলা থকা বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। বৰ্তমান সময়ত এই শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ পৰা আছে এন ডি এফ বি (এছ) ৰ দুজনকৈ দুধর্ষ নেতা। এন ডি এফ বি(এছ) ৰ এই দুই দুৰ্ধষ নেতাৰ নাম হৈছে বি বিদাই আৰু বি বথাকো । সংবাদ মেলত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বি বিদাই আৰু বি বাথাকো মূল সূতিলৈ আহিবলৈ আহ্বান জনায়।

মহিলা আৰু শিশু সহ থকা দলটোক বিশেষ স্থানত বৰ্তমান ৰাখিছে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত সচিব ৰ উপস্থিতিত এন ডি এফ বি (এছ) ৰ সভাপতি বি চাওঁৰাইগাই যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰিছে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। এন ডি এফ বি ( এছ) ৰ দৰে অন্যান্য সশস্ত্ৰ সংগঠনসমূহকো মূল সূতিলৈ আহিবলৈ আহ্বান জনায় সংবাদমেলখনত আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA Sit-in Protest observed during Silpi Divas at Nehru Park in Guwahati