শীৰ্ষ বাতৰি

নেপালৰ সংসদৰ কাণ্ডঃ ভাৰতৰ ভূমি অন্তৰ্ভুক্ত কৰি অংকিত মানচিত্ৰত অনুমতি

Sentinel Digital Desk

চীনৰে সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটাৰ সময়তে প্ৰতিৱেশী ক্ষুদ্ৰ ৰাষ্ট্ৰ নেপালেও মুকলিকৈ ভাৰতবিৰোধী আচৰণ কৰিবলৈ লৈছে ৷ আজি ক্ষুদ্ৰ দেশখনৰ এনে আচৰণে একপ্ৰকাৰ মাত্ৰা চেৰাই যায় ৷ আজি বৃহস্পতিবাৰে নেপাল সংসদৰ উচ্চ সদনে ভাৰতৰ ভূমি অন্তৰ্ভুক্ত কৰি অংকণ কৰা মানচিত্ৰত অনুমতি জনায় । প্ৰাপ্ত তথ্য অনুসৰি আজি নেপাল সংসদৰ উচ্চ সদনে দেশখনৰ এক সংবিধান(সংশোধনী)বিধেয়ক গৃহীত কৰে ৷ এই বিধেয়কৰ সপক্ষে ৫৭টা পৰে আৰু বিপক্ষে এটাও ভোট নপৰিল ৷ এই সংবিধান সংশোধনী বিধেয়কৰ জৰিয়তে ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা অঞ্চলক নেপালে নিজৰ ভূ-খণ্ডৰ অন্তৰ্ভুক্ত কৰিছে ৷ ইয়াৰ পূৰ্বে যোৱা নেপাল সংসদৰ নিম্ন সদনে এই সংবিধান সংশোধনী বিধেয়কত অনুমোদন জনায় ৷ ইয়াৰ পাছতে ভাৰত চৰকাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ইপিনে, নেপালৰ এনে উদ্ভণ্ডালিত ক্ষোভ প্ৰকাশ কৰি নতুন দিল্লীয়ে এক বিবৃতিত কয়, " নেপালে যি দাবী কৰিছে, সেই দাবী সম্পূৰ্ণৰূপে কাল্পনিক তথ্যৰ ভিত্তিত প্ৰতিষ্ঠিত ৷ এই দাবী কোনো ঐতিহাসিক তথ্য বা সাক্ষ্য আশ্ৰিত নহয় ৷ গতিকে নেপালৰ এই দাবী কোনোপধ্যে গ্ৰহণযোগ্য নহয়।" আনহাতে, যোৱা মাহত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লী নেতৃত্বাধীন নেপাল চৰকাৰে দাবী কৰে যে ভাৰতে ভাৰতে কালাপানী, লিম্পিয়াধুৰা আৰু লিপুলেখ অঞ্চলক অবৈধভাবে দখল কৰি আছে ৷

উল্লেখ্য যে যুগ যুগ ধৰি ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি অহা নেপালে শেহতীয়াভাবে চীনৰ সৈতে সম্পৰ্ক মধুৰ কৰি তুলিছে ৷ আনকি চীনে নেপালত এটা ৮০কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিছে ৷