শীৰ্ষ বাতৰি

ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ত কেইবাখনো বিশিষ্ট স্থান সংযুক্ত কৰি নিৰ্মাণ কৰা হ'ব উৰণীয়া সেঁতু

Sentinel Digital Desk

গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনাই বৃদ্ধি পোৱা অত্যধিক ট্ৰফিত নিয়ন্ত্ৰণৰ হেতু অচিৰেই নিৰ্মাণ কৰা হ'ব এখন উৰণীয়া সেঁতু, যিয়ে সংযোগ কৰিব মহানগৰীৰ কেইবা খনো প্ৰধান অঞ্চল।

মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ নিৰ্মাণ হ'বলৈ যোৱা উৰণীয়া সেঁতুয়ে সংযোগ কৰিব বৰগাওঁ, গৰ্চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিক।

পথ, পৰিবহণ আৰু ঘাইপথ সমূহৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী নিতিন গদকাৰিয়ে জনাইছে যে, গুৱাহাটী মহানগৰত অচিৰেই নিৰ্মাণ কৰা হ'ব ০৪খন নতুন উৰণীয়া সেঁতু।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ গুৱাহাটীত এই উৰণীয়া সেঁতু কেইখনৰ নিৰ্মাণ কাৰ্য্য হাতত লৈছে।

উল্লেখযোগ্য যে, মন্ত্ৰী গৰাকীয়ে এই কথা ঘোষণা কৰিছে যোৱা বুধবাৰে, ৰাজ্য সভাত।

ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে যে উৰণীয়া সেঁতুৰ লগতে মহানগৰ খনত নিৰ্মাণ কৰা হ'ব "ৰিং ৰোড"। তেওঁ জনাইছে যে ভাৰতীয়, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই (NHAI) য়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সৰ্বমুঠ ১৩১টা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পৰ বাবে ব্যয় কৰা হ'ব প্ৰায় ৮৪,১৯৩কোটি টকা।

কিছু তথ্যৰ অনুসৰি এই বিশেষ প্ৰকল্পৰ পৰিকল্পনা (DPR) বৰ্তমান সম্পূৰ্ণ কৰা হৈছে আৰু এই প্ৰকল্প মুঠ ৭৯কোটি টকা ব্যয় কৰা হব বুলি জানিবলৈ দিয়ে। পৰিকল্পনা অনুসৰি দুটি ৰাস্তা সংযুক্ত কৰি নিৰ্মাণ কৰিবলৈ যোৱা এই উৰণীয়া সেঁতুৰ দৈৰ্ঘ্য হ'ব ৫৮০মিটাৰ।

বিভাগত সূত্ৰই জানিবলৈ দিয়ে যে, "এই পৰিকল্পনা সম্পূৰ্ণ হৈ উঠিলে, জু তিনি আলিত প্ৰত্যক্ষ কৰা ট্ৰেফিক প্ৰচুৰ পৰিমাণে হ্ৰাস পাব। এই প্ৰকল্পৰ আৰম্ভণি এই বছৰৰ শেষৰ ফালে আৰম্ভ কৰা হ'ব। আমি আশা কৰোঁ যে বান্ধি দিয়া সময়ৰ পূৰ্বে এই প্ৰকল্প সফল হৈ উঠিব।"