শীৰ্ষ বাতৰি

সৰু সজাই ষ্টেডিয়ামত নৱ নিৰ্বাচিত সাংসদসকলক সম্বৰ্দ্ধনা

Sentinel Digital Desk

সৰু সজাই ষ্টেডিয়ামত ৰাজ্যিক বিজেপিয়ে শনিবাৰে লোকসভা আৰু ৰাজ্যসভালৈ নিৰ্বাচিত নটা লোকসভা সমষ্টিৰ সাংসদ সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ নৱ নিৰ্বাচিত সাংসদসকল উদ্দেশ্য কৰি কয় যে অসম চৰকাৰে ৰাজ্যৰ সকলোৱে একেলগে থাকি, একেলগে কাম কৰি অসমৰ উজ্জ্বল ভৱিষ্যত প্ৰতিষ্ঠাৰ সংকল্প গ্ৰহণ কৰিছে ৷

লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমক উন্নতিৰ শীৰ্ষলৈ আগুৱাই নিবৰ বাবে টীম আছাম গঠন কৰাৰ কথা সদৰী কৰি কয় যে ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত জনতাক দিয়া প্ৰতিশ্ৰুতিত কোনো ধৰণৰ আপোচ কৰা ন’হব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টীম ইণ্ডিয়া ৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে অসমত জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নিতৰ কাৰণে টীম ৱৰ্ক কৰাৰ ফলত চৰকাৰে পৰিৱৰ্তনৰ আশা কৰিছে ৷ লগতে নৱ নিৰ্বাচিত সাংসদ সকলক উদ্দেশ্য কৰি কয় যে কষ্ট আৰু ত্যাগৰ দ্বাৰা সমাজত আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰি ৷

সমাজত প্ৰতিষ্ঠা আৰু বিকাশৰ বাবে কষ্ট সহিষ্ণুতাৰ আৱশ্যক ৷আস্থা আৰু বিশ্বাস অবিহনে সফলতা নাহে ৷সমগ্ৰ ৰাজ্যত বিজেপি উল্লেখযোগ্য কাম কৰিলে। কংগ্ৰেছৰ প্ৰসংগ উত্থাপন কৰি সৰ্বানন্দ সোনোৱালে কয় যে যি কাম কংগ্ৰেছে কৰিব নোৱাৰিলে সেই কাম বিজেপিয়ে কৰিলে ৷ যাৰ কাৰণে এইখন চৰকাৰৰ জনসাধাৰণে আদৰি লৈছে ৷গতিকে অনাগত দিনত সকলোৱে একত্ৰিত হৈ আগবাঢ়িব লাগিব।

ইফালে শনিবাৰে সম্বৰ্দ্ধনা অনুষ্ঠানটিত নটা লোকসভা সমষ্টিৰ সাংসদ ক্ৰমে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস,যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ,ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী,লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা,কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ,ডিফুৰ সাংসদ হৰেণ সিং বে’,মংগলদৈৰ সাংসদ দিলীপ শইকীয়া,গুৱাহাটীৰ সাংসদ কুইন ওঝা,শিলচৰ সাংসদ ৰাজদ্বীপ ৰয়,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক সম্বৰ্দ্ধনা জনোৱা হয়।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই সভাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই বিজয় কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে ছেপ্তেম্বৰ মাহত হ’ব লগা গুৱাহাটী পৌৰ সভা নিৰ্বাচন আৰু ডিছেম্বৰ মাহত হ’ব লগীয়া পৌৰ সভা,পৌৰ নিগম আৰু টাউন কমিটীৰ নিৰ্বাচনৰ বাবে সকলোকে সাজু হ’বলৈ কয়।

২০২১ চনৰ নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে কয় যে অসম বিধানসভা নিৰ্বাচনত ২০২১ চনত কংগ্ৰেছ আৰু বিজেপিৰ মিত্ৰ জোঁট চৰকাৰে ৯০ খন আসন লাভ কৰিব ।উল্লেখ্য যে সম্বৰ্দ্ধনা অনুষ্ঠানত প্ৰাক্তন ৰাজ্যিক সভাপতি তথা কেন্দ্ৰীয় সম্পাদক ৰমেন ডেকা, প্ৰাক্তন ৰাজ্যিক সভাপতি নাৰায়ণ চন্দ্ৰ বৰকটকী, প্ৰাক্তন মন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই,প্ৰাক্তন সভাপতি তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী,ৰাষ্ট্ৰীয় কাৰ্য নিৰ্বাহক তথা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত থাকে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি