শীৰ্ষ বাতৰি

শীঘ্ৰে আছু-যুৱ ছাত্ৰৰ উদ্যোগত নতুন আঞ্চলিক দল

Sentinel Digital Desk

মাথোঁ আনুষ্ঠানিক ঘোষণাহে বাকী !  শীঘ্ৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ(আছু)-নেতৃত্বত ভূমিষ্ঠ হ'ব এটা নতুন আঞ্চলিক ৰাজনৈতিক দল ৷ মূলতঃ ২০২১ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি এই দল গঠন হ'ব ৷ উল্লেখ্য যে ৰাজনৈতিক দল গঠনৰ উদ্দেশ্যে সংগঠন দুটাই কিছুদিন পূৰ্বে অসমৰ ইমূৰৰ পৰা সিমূৰৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিক লৈ এখন ১৬ জনীয়া পৰামৰ্শদাতা সমিতি গঠন কৰি দিয়ে ৷ এই পৰামৰ্শদাতা সমিতিয়ে অলপতে ৪৫পৃষ্ঠাৰ প্ৰতিবেদন সংগঠন দুটাক দাখিল কৰে ৷ সম্প্ৰতি সূত্ৰই জানিবলৈ দিছে যে অচিৰেই প্ৰস্তাৱিত এই দলৰ নাম তথা ইয়াৰ নীতি-আদৰ্শৰ বিষয়ে ৰাজহুৱা কৰা হ'ব ৷ তদুপৰি দলৰ সাংগঠনিক কাম-কাজ এসপ্তাহৰ ভিতৰতে আৰম্ভ কৰা হ'ব বুলিও সূত্ৰই জানিবলৈ দিছে ৷

সূত্ৰই জনোৱা মতে, ৰাজ্যিক পৰ্যায়ৰ আহ্বায়ক সমিতিয়ে সমভাৱাপন্ন সংগঠনসমূহৰ সৈতে আলোচনা কৰি জিলা পৰ্যায়ৰ সমিতিসমূহ গঠন কৰিব ৷ আনহাতে, পৰামৰ্শদাতা সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত এটা বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে৷ সমিতিয়ে আঙুলিয়াই দিছে যে অজনজাতি সম্প্ৰদায়সমূহকে ধৰি সকলো খিলঞ্জীয়া লোক, চাহ জনগোষ্ঠী আদিক সামৰি ল'ব লাগিব ৷

সমিতিয়ে বিশেষভাবে এটা উল্লেখ কৰিছে যে বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু অগপৰ বিৰুদ্ধে এই নতুন দলে যুঁজ দিব লাগিব ৷ ইপিনে, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে দুলীয়াজানত অনুষ্ঠিত হ'বলগা সংগঠনৰ পৰৱৰ্তী সাধাৰণ সভাৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। এই সভা অহা অক্টোবৰৰ অন্তিমত বা অহা নৱেম্বৰৰ পহিলা ভাগত অনুষ্ঠিত হ'ব ৷ এই সভাতে আছুৰ একাংশই প্ৰস্তাৱিত দলত যোগদানৰ উদ্দেশ্যে সংগঠন ত্যাগ কৰিব ৷