শীৰ্ষ বাতৰি

ক'ৰ'নাঃ হোম আইছ'লেচনত থকা ব্যক্তিৰ বাবে নীতি-নিৰ্দেশনা জাৰি এন এইচ এমৰ

বিশেষজ্ঞসকলৰ মতে, লক্ষণযুক্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হোৱা উচিত৷ অন্যথা পৰিস্থিতি বিষম হোৱাৰ আশংকা আছে ৷

Sentinel Digital Desk

ক'ৰ'না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত চিকিৎসালয়সমূহত বিছনাৰ নাটনি হোৱা বুলি প্ৰকাশ পাইছে ৷ এনে অৱস্থাত বহু আক্ৰান্তই ঘৰতে অকলশৰীয়াকৈ থকাৰ পোষকতা কৰিছে। অৱশ্যে স্বাস্থ্য বিশেষজ্ঞসকলে লক্ষণবিহীন বা সামান্য লক্ষণযুক্ত ৰোগীয়েহে হ'ম আইছ'লেনত থকা উচিত বুলি মন্তব্য কৰি আহিছে ৷ বিশেষজ্ঞসকলৰ মতে, লক্ষণযুক্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হোৱা উচিত৷ অন্যথা পৰিস্থিতি বিষম হোৱাৰ আশংকা আছে ৷ সম্প্ৰতি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)- অসমে হোম আইছ'লেচনত থকা ৰোগীসকলে পালন কৰিবলগীয়া কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷

কেৱল লক্ষণবিহীন আৰু সামান্য লক্ষণযুক্ত ক'ৰ'না ৰোগীহে হোম আইছ'লেচনত থাকিব পাৰে বুলি এন এইচ এমে সতৰ্ক কৰি দিছে ৷ তদুপৰি চিকিৎসকৰ যথোপযুক্ত পৰামৰ্শ গ্ৰহণৰ পাছতহে হোম আইছ'লেচনত থকা উচিত বুলিও মিছনে সাৱধানবাণী শুনাইছে ৷ আনহাতে, হোম আইছ'লেচনত থকাৰ সময়ছোৱাত ৰোগীয়ে শৰীৰৰ তাপমাত্ৰা আৰু অক্সিজেনৰ সংপৃক্ততা সঠিকভাবে আৰু বাধ্যতামূলকভাবে পৰীক্ষা কৰি থকা উচিত ৷ যদি ৰোগীৰ শৰীৰত অক্সিজেনৰ স্তৰ ৯৫% তললৈ নামে অথবা তেওঁৰ শৰীৰত ক'ৰ'নাত আক্ৰান্ত হোৱাৰ লক্ষণ ফুটি উঠে তেন্তে এই বিষয়ে চিকিৎসালয়ক অৱগত কৰা উচিত ৷

ক'ৰ'নাৰ কেইটামান বিপজ্জনক লক্ষণঃ

১) শুকান কাহ আৰু উশাহ-নিশাহত জটিলতা অনুভৱ কৰা ৷ আৰু উশাহ চুটি হোৱা ৷

২) ডায়েৰীয়া ৷ স্থায়ী বিষ আৰু বুকু অঞ্চলত চাপ অনুভৱ কৰা ৷

৩) মাত আৰু চলন-ফুৰনৰ ক্ষমতা হেৰুওৱা

৪) ওঁঠ অথবা মুখ নীলা হোৱা ৷

৫) মানসিক বিভ্ৰান্তি ৷ টোপনিৰ পৰা সাৰ পোৱাত অক্ষমতা ৷

এন এইচ এমে এইবুলিও সতৰ্ক কৰি দিছে যে হোম আইচ'লেচনত থকাৰ সময়ত লক্ষণ ফুটি উঠাৰ পাছত চিকিৎসালয়ক খবৰ দিয়াত পলম কৰিলে, পৰিণতি ভয়াৱহ হ'ব পাৰে ৷ হোম আইছ'লেচনত থকা ৰোগীয়ে সকলো সময়তে তিনি তৰপীয়া মাস্ক পৰিধান কৰা উচিত ৷ আন লোকৰ পৰা বিশেষকৈ বয়স্ক ব্যক্তি আৰু অন্যান্য জটিল ৰোগত আক্ৰান্ত ব্যক্তিৰ পৰা আঁতৰি থকা উচিত ৷ একেদৰে সঘনে হাত ধুই থকা উচিত ৷ কোনো বিপজ্জনক লক্ষণ ফুটি উঠিলে, লগে লগে চিকিৎসালয়ক খবৰ দিয়া উচিত ৷