শীৰ্ষ বাতৰি

অনতি পলমে আৰম্ভ হ’ব এনএইচপিচিৰ সোৱনশিৰি হাইড্ৰ’ পাৱাৰ প্ৰজেক্টৰ কাম

Sentinel Digital Desk

নেশ্যনেল হাইড্ৰ’ পাৱৰ কৰ্প’ৰেশ্যনে ২০০০ মেগাৱাটৰ কাৰণে সোৱনশিৰী হাইড্ৰ’ পাৱাৰ প্ৰজেক্টত নিজৰ কাম পুনৰ আৰম্ভ কৰিবৰ কাৰণে সম্পূৰ্ণ ৰূপে সাজু আছে ৷এনএইচপিচিৰ চিএমডি বলৰাজ জোশীয়ে দ্য চেন্টিনেলৰ সম্মুখত কয় যে সকলো সামগ্ৰী,অভিযন্তা সকলো প্ৰথমৰ পৰাই সাজু আছে ৷ আৰু এবাৰ জলস্তৰ হ্ৰাস হোৱাৰ পিছত বান্ধৰ কাৰণে কাম পুনৰ আৰম্ভ কৰিব ৷

ইতিমধ্যে নেশ্যনেল গ্ৰীণ ট্ৰিব্যিনেলে তিনিজন সদস্যৰ বিশেষজ্ঞ সমিতিক মঞ্জুৰী দি আঁচনি খনত আগবঢ়াই নিছে ৷ জোশীয়ে লগতে কয় যে পৰিকল্পনাক পুনৰ আৰম্ভ কৰাৰ চাৰি বছৰৰ পিছত পুনৰ আৰম্ভ কৰা হ’ব ৷লগতে বলৰাজ জোশীয়ে কয় যে পৰিকল্পনাটোত প্ৰথমতেই ১০.০০০ কোটি টকা ব্যয় কৰিছে ৷

জোশীয়ে ২,৮৮০ মেগাৱট পৰিকল্পনাৰ প্ৰসংগ উল্লেখ কৰি কয় যে এনএইচপিচিয়ে অনতি পলমে কাম আৰম্ভ কৰিব ৷ইয়াৰ দ্বাৰা অসম আৰু কাষৰীয়া অঞ্চলৰ বানপানীৰ সমস্যা সীমিত হোৱাত সহায় কৰিব ৷

ইফালে নামনি সোৱণ শিৰি ২০০০ মেগাৱট জলবিদ্যুৎ উৎপাদন প্ৰকল্পটোৰ নিৰ্মাণৰ প্ৰসংগত সেউজ ন্যায়াধিকৰণে এন এইচ পি চি কৰ্তৃপক্ষক সেউজ সংকেত দিয়াৰ পিছত এন এইচ পি চি কৰ্তৃপক্ষই চেপ্তম্বৰ মাহৰ পৰা কাম তীব্ৰগতিত চলাবৰ বাবে তৎপৰতাৰ কাৰণে জিলাখনৰ বিভিন্ন সন্থা সংগঠনে তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে ।

যাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ১০০ ঘন্টীয়া এন এইচ পি চিৰ নিৰ্মাণ সামগ্ৰী অৱৰোধ অব্যাহত ৰাখিছে লখিমপুৰৰ মাজমজিয়াত ৷সংগঠনে শনিবাৰে বিয়লি পাঁচ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখীমপুৰৰ অধ্যক্ষ মনদীপ নেওগ আৰু সাধাৰণ সম্পাদক জ্যোতি দাসৰ নেতৃত্বত কাৰ্যসূচী সমাপ্ত কৰি লখীমপুৰৰ খেলমাটীত প্ৰতিবাদ কৰে ৷

সংগঠনে ১০০ ৰো অধিক কাৰ্যকৰ্তা এলএচএইচইপিৰ নিৰ্মাৰ্ণ সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহৰ ওপৰত ২৪ ঘন্টাই তীক্ষ্ণ দৃষ্টি ৰাখে। আনহাতে যিদিনা এইএইচপিচি আৰু এলএচএইচইপিৰ বিৰুদ্ধে কাৰ্যসূচী আৰম্ভ কৰিছিল তেতিয়া এনএইচপিচিৰ মুখ্য প্ৰৱন্ধ নিৰ্দেশক বলৰাজ জোশীয়ে নতুন দিল্লীত সংবাদ মাধ্যমৰ সন্মুখত কয় যে ২০১১ চনৰ ডিচেম্বৰ মাহত নদী বান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছিল ৷কিন্তু যেতিয়াই সোৱনশিৰীৰ জলস্তৰ হ্ৰাস পালে নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰিলে ৷অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সহায়ক সচিব সৌৰভ দাসে কয় যে সংগঠনে কোনো কাৰণতে এনএইচপিচিৰ নদী বান্ধ নিৰ্মাণ কৰিবলৈ অনুমতি নিদিয়ে ৷