শীৰ্ষ বাতৰি

৩১মে'ৰ পাছতো অসমত নৈশ কাৰ্ফিউ অব্যাহত থকাৰ সম্ভাৱনা

Sentinel Digital Desk

৩১মে'ৰ পাছতো অসমত নৈশ কাৰ্ফিউ অব্যাহত থকাৰ সম্ভাৱনা

ভয়াবহ ৰূপত প্ৰাদুৰ্ভাব ঘটা ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি ঘোষণা তলাবন্ধ(ল'ক-ডাউন)ৰ চতুৰ্থ পৰ্যায়ৰ ম্যাদ অহা ৩১মে'ত অন্ত পৰিব ৷ তাৰ পাছত ক'ৰ'না প্ৰতিৰোধৰ বাবে চৰকাৰীভাবে গ্ৰহণ কৰা কাৰ্যসূচী কি হ'ব ? ইয়াক লৈ বহুতৰে মনত কৌতুহলৰ সৃষ্টি হৈছে ৷ আনহাতে, অসমকে ধৰি উত্তৰ-পূবৰ কে'বাখনো ৰাজ্য আৰু দেশৰ বহু কেইখন ৰাজ্যত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাই আছে ৷ গতিকে বহুতে ল'ক-ডাউন বাহাল ৰখাৰ পোষকতা কৰিছে। এনে অৱস্থাতে আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰে ৩১মে'ৰ পাছতো নৈশ সান্ধ্য আইন বা কাৰ্ফিউ বাহাল ৰখাৰ পোষকতা কৰিছে ৷ উল্লেখ্য যে বৰ্তমানলৈ অসমত ন শতাধিক লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে ৷ ইয়াৰে মাজতে শতাধিক ক'ৰ'না আক্ৰান্ত সুস্থ হৈছে ।এনে পৰিস্থিতি বিৰাজ কৰি থকা সত্বেও স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " নৈশ কাৰ্ফিউৰ বাদে আন সকলো স্বাভাৱিক হ'ব ৷ আমি নৈশ কাৰ্ফিউ অব্যাহত ৰখাৰ পক্ষপাতী । আন নিষেধাজ্ঞাসমূহৰ ক্ষেত্ৰত আমি ভাবো যে আমি সাধাৰণ জীৱনযাত্ৰালৈ উভতি যাব পাৰিম ৷ সন্ধিয়া ছয় বজাৰ পৰিৱৰ্তে নিশা ৯ বজাৰ পৰা কাৰ্ফিউ বলবৎ কৰিলেও তাৰ আমি পোষকতা কৰিম৷" অৱশ্যে এই সংক্ৰান্তীয় চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব বুলি তেওঁ সদৰী কৰে ৷ এই সম্পৰ্কত ৰাজ্য চৰকাৰে এতিয়াই কোনো কথা ঘোষণা কৰিব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে ৷