শীৰ্ষ বাতৰি

অসমত MSMEস্থাপনৰ ক্ষেত্ৰত তিনি বছৰৰ বাবে প্ৰয়োজন নহ'ব অনুজ্ঞাপত্ৰৰ

Sentinel Digital Desk

অসমত অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ-প্ৰতিষ্ঠান (MSME)-স্থাপনৰ বাবে অহা তিনি বছৰলৈ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ'ব। কালি মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গৃহীত হয় ৷ ইয়াৰ দ্বাৰা ৰাজ্যৰ ঔদ্যোগিক খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে ৷ কেবিনেটৰ এই সিদ্ধান্তক ঐতিহাসিক আখ্যা দি আজি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে MSMEখণ্ডক এই বৃহৎ সকাহ দি কালি কেবিনেট বৈঠকে এখন অধ্যাদেশত অনুমোদন জনায় ।"অসমত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত এক ঐতিহাসিক আৰু সুদূৰ প্ৰসাৰী সিদ্ধান্তৰে কেবিনেটে এক অধ্যাদেশত অনুমোদন জনায়। এক স্ব-ঘোষণাৰ জৰিয়তে এতিয়াৰ পৰা তিনি বছৰৰ বাবে উদ্যোগ স্থাপন কৰিব পাৰিব ৷"মন্ত্ৰী পাটোৱাৰীয়ে এইদৰে কয়। 

উল্লেখ্য যে ক'ৰ'না মহামাৰীয়ে জোঁকাৰি পেলোৱা দেশৰ অৰ্থনীতিক পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে MSME খণ্ডক এক বৃহৎ দি আত্মনিৰ্ভৰ ভাৰত অভিযান হাতত লৈছে ৷