শীৰ্ষ বাতৰি

অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ আচনি বাবে ২৮,০০০ কোটি ব্যয় কৰিব বিশ্ব বেংকে

Sentinel Digital Desk

অসমৰ বিভিন্ন কোটি টকীয়া উন্নয়ন প্ৰকল্পত ব্যয় কৰিব বিশ্ব বেংক , এছিয়ান উন্নয়ন বেংক আৰু জাপান আন্তঃৰাষ্ট্ৰীয় কপৰেচন এজেঞ্চীয়ে । অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ আচনি বাবে ২৮,০০০ কোটি ব্যয় কৰিব বিশ্ব বেংকে| ২৮,০০০ কোটি টকাৰ প্ৰকল্পৰ কাম ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ হৈছে।

অসম পৌৰ নিগম উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰত ১,৪০০ কোটি টকা ব্যয় কৰিছে বিশ্ব বেংকে। ইতিমধ্যে নীতি আয়োগে এই প্ৰকল্পত অনুমোদন জনাইছে । আনহাতে ৪,০০০ কোটি টকীয়া অসম পথ সংযোগ উন্নয়ন প্ৰকল্পত ব্যয় কৰিব এছিয়ান ডেভলপমেন্ট বেংকে । ইতিমধ্যে এই প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদনৰ বাবে ডনাৰ মন্ত্ৰালয় আৰু যাতায়াত আৰু ঘাইপথ মন্ত্ৰালয়লৈ পঠিওৱা হৈছে ।

আনহাতে ৩,২০০ কোটি টকীয়া অসম শক্তি বিতৰণ উন্নয়ন ব্যবস্থাৰ প্ৰকল্পত অনুমোদনৰ বাবে ডনাৰ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে । অসম শক্তি বিতৰণ উন্নয়ন ব্যবস্থাৰ প্ৰকল্পৰ ৩,২০০ কোটি টকীয়া প্ৰকল্পত ব্যয় কৰিব এছিয়ান ডেভলপমেন্ট বেংকে ।

আনহাতে ৭২০ কোটি ব্যয় সাপেক্ষে অসমৰ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিট উন্নয়ন প্ৰকল্প ৰূপায়ণ কৰা হব । এই প্ৰকল্পটোত ব্যয় কৰিব এছিয়ান ডেভলপমেন্ট বেংকে। ইতিমধ্যে অসমৰ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিট উন্নয়ন প্ৰকল্পৰ ৰূপায়ণৰ বাবে বিদেশ মন্ত্ৰালয়ে অনুমোদন জনাইছে । এই প্ৰকল্পৰ ক্ষেত্ৰত গৃহ বিভাগেও কোনো আপত্তি দৰ্শোৱা নাই ।

অসমৰ মৎস্য উন্নয়ন আৰু জীৱন ধৰনৰ মান উন্নয়নৰ বাবে ৩,৪০০ কোটি টকীয়া প্ৰকল্প হাতত লৈছে । এই প্ৰকল্পটোৰ ৩,৪০০ কোটি টকা ব্যয় কৰিব জাপান আন্তঃৰাষ্ট্ৰীয় কপৰেচন এজেঞ্চী চমুকে JICA য়ে ।

উক্ত আচনি সমূহৰ লগতে ২,৭৪০ কোটি টকাৰ হাতী-মানুহ সংঘাত সমাধানৰ প্ৰকল্প, গুৱাহাটীৰ জালুকবাৰীৰ পৰা খানাপাৰালৈকে ১০০ কোটি পথ সুৰক্ষা কৰিডৰ প্ৰকল্প, স্বাস্থ্য ব্যবস্থা আৰু মেডিকেল শিক্ষাৰ ক্ষেত্ৰত ২,৮৭৫ কোটি টকীয়া প্ৰকল্প , জলাভূমি সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত ১,৭৬৭ কোটিৰ প্ৰকল্প আৰু অসম শক্তি বিতৰণ উন্নয়নৰ ৩,২৮৪ কোটিৰ প্ৰকল্প আৰু এম এচ এম ই ক্লাচটাৰ উন্নয়নৰ বাবে ৯০০ কোটি ব্যয় কৰা হব । এই সকলোবোৰ প্ৰকল্পৰ অনুমোদন বিভিন্ন পৰ্যায়ত আছে বুলি প্ৰকাশ কৰে ।

বিশ্ব বেংকৰ দৰে আন এজেঞ্চী সমূহৰ দ্বাৰা ব্যয় কৰা প্ৰকল্প সমূহ ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ পদৰ্শন উন্নত আছিল । সেয়েহে এই সমূহ নতুন প্ৰকল্প অনুমোদনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰ দৃঢ় ।