শীৰ্ষ বাতৰি

ক'ৰ'নাৰ পাছত উত্তৰ-পূবৰ ভূমিকা দেশীয় অৰ্থনীতিত গুৰুত্বপূৰ্ণ হ'বঃ ডঃ সিং

মন্ত্ৰী ডঃ সিঙে কয় যে আৰ্থিক ক্ষেত্ৰত উত্তৰ-পূবৰ বহু শক্তি-সামৰ্থ আছে ৷

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ বিভীষিকা অন্ত পৰাৰ পাছত উত্তৰ-পূবে দেশৰ অৰ্থনীতিৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ এই মন্তব্য উত্তৰ-পূব উন্নয়ন (ড'নাৰ)মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ ৷ মন্ত্ৰী ডঃ সিঙে কয় যে আৰ্থিক ক্ষেত্ৰত উত্তৰ-পূবৰ বহু শক্তি-সামৰ্থ আছে ৷ এই শক্তি-সামৰ্থৰ জৰিয়তে দেশৰ অৰ্থনীতিৰ পুনৰুত্থান ঘটাব বুলি মন্ত্ৰীজনে মতপোষণ কৰে ৷

আত্মনিৰ্ভৰ ভাৰত গঢ়াত আত্মনিৰ্ভৰ উত্তৰ-পূবে নেতৃত্ব দিব বুলি মন্তব্য কৰি ডঃ সিঙে আৰু কয়, " বাঁহ, পৰ্যটন, হস্ত-তাঁত, হস্ত-শিল্পকে ধৰি অন্যান্য খণ্ডত উত্তৰ-পূবৰ অসীমিত শক্তি-সামৰ্থ আছে। ক'ৰ'নাৰ পাছত দেশৰ অৰ্থনীতিৰ পুনৰুত্থানত উত্তৰ-পূবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷" তেওঁ লগতে কয় যে ড'নাৰ মন্ত্ৰালয়ে ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় অধ্যয়নৰ বাবে গুৱাহাটীত এটা কেন্দ্ৰ স্থাপন কৰিছে ৷