শীৰ্ষ বাতৰি

বাঘজানঃ কৰ্মৰত অৱস্থাত খহি পৰি যুৱ অভিযন্তাৰ মৃত্যু

তেওঁক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তাত তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

Sentinel Digital Desk

বাঘজান তৈল ক্ষেত্ৰত আজি দিনৰ দুই বজাত সংঘটিত হয় এক শোকাৱহ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডৰ কবলত পৰা তৈল ক্ষেত্ৰখনত বৈদ্যুতিক কামত নিয়োজিত এজন যুৱ অভিযন্তা বিদ্যুৎ পৰিবাহী ব্যৱস্থাৰ পৰা আকস্মিকভাবে তললৈ খহি পৰি মৃত্যুক সাবটিলৈ লয়।

কৰ্মত নিয়োজিত অৱস্থাত মৃত্যুমুখত পৰা যুৱ অভিযন্তাজনৰ নাম অৰ্ণৱ কিশোৰ বৰদলৈ ৷ তেওঁৰ বয়স হৈছিল মাথোঁ ২৫বছৰ ৷ ঘটনা সম্পৰ্কত অইল প্ৰকাশ কৰা অনুসৰি প্ৰতিষ্ঠানৰ বৈদ্যুতিক অভিযন্তা বৰদলৈ কৰ্মৰত অৱস্থাত বিদ্যুৎ পৰিবাহী ব্যৱস্থাৰ পৰা তললৈ সৰি পৰি চেতনা হেৰুৱাই পেলায় ৷

লগে লগে তেওঁক ঘটনাস্থলীত উপস্থিত চিকিত্সকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷ পাছত তেওঁক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তাত তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷