শীৰ্ষ বাতৰি

৭ বছৰত মাথোঁ ২২৭জন বাংলাদেশীক বিতাড়ন, বিধানসভাত তথ্য

এই সময়ছোৱাত বিদেশী ন্যায়াধিকৰণসমূহে ১, ৩৬, ১৪৯জন লোকক বিদেশী বুলি ঘোষণা কৰে

Sentinel Digital Desk

অসমৰ পৰা যোৱা সাত বছৰত মাথোঁ ২২৭জন বাংলাদেশীকহে চৰকাৰে বিতাড়ন বা প্ৰত্যৰ্পণ কৰিলে ৷ কালি বিধানসভাত চৰকাৰী পক্ষই দাখিল কৰা এক তথ্যত প্ৰকাশ পোৱা অনুসৰি ২০১৩-ৰ মাৰ্চৰ পৰা ২০২০ৰ জুলাইলৈকে অসমৰ পৰা মাথোঁ ২২৭জন বাংলাদেশীকহে বিতাড়ন কৰা হ'ল ৷ অথচ এই সময়ছোৱাত বিদেশী ন্যায়াধিকৰণসমূহে ১, ৩৬, ১৪৯জন লোকক বিদেশী বুলি ঘোষণা কৰে ৷ কালি বিধানসভাত এই তথ্য দাখিল কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আইনী মেৰপেচৰ বাবে বিদেশী বিতাড়নত জটিলতাৰ সৃষ্টি হৈছে ৷ তেওঁ কয় যে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছত এজন ব্যক্তি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ ইয়ে বিদেশী বিতাড়নত জটিলতাৰ সৃষ্টি কৰা বুলি মন্ত্ৰীজনে উল্লেখ কৰে ৷

কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পাটোৱাৰীয়ে লগতে কয় যে পূৰ্বে বাংলাদেশীক কেৱল খেদি পঠিওৱাৰ ব্যৱস্থাহে আছিল ৷ ইয়াৰ ফলত খেদি পঠিওৱা বাংলাদেশীয়ে পুনৰ অসমত প্ৰৱেশ কৰে ৷ তেতিয়া বিধায়ক কুৰ্মীয়ে কয় যে অসম চুক্তিৰ পাঁচ নম্বৰ দফা অনুসৰি ১৯৭১ৰ ২৪মাৰ্চৰ পাছত প্ৰৱেশ কৰা সকলো বাংলাদেশীক বিতাড়ন কৰিব লাগে ৷ কিন্তু নাগৰিকত্ব(সংশোধনী) আইনৰ জৰিয়তে মুছলমানক বাদ দি ছটা ধৰ্মীয় সম্প্ৰদায়ৰ চুবুৰীয়া তিনিখন দেশৰ পৰা অহা বিদেশীক ভাৰতীয় নাগৰিকত্ব দিব বিচৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷