শীৰ্ষ বাতৰি

আত্মনিৰ্ভৰ ভাৰতৰ সপোন এক প্ৰতিজ্ঞাত পৰিণত হৈছেঃ মোদী

Sentinel Digital Desk

আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সপোন সম্প্ৰতি এক প্ৰতিজ্ঞাত পৰিণত হৈছে। আজি স্বাধীনতা দিৱস উপলক্ষ্যে ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজঘাটত জাতীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মোদীয়ে কয় লগতে কয় যে মহাকাশ খণ্ড মুকলিয়ে নিযুক্তিৰ নতুন সুযোগৰ সৃষ্টি কৰিব।" মোৰ বিশ্বাস যে মহাকাশ খণ্ডৰ লেখীয়া ব্যৱস্থা গ্ৰহণে যুৱক-যুৱতীৰ বাবে নতুন সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব," প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

আত্মনিৰ্ভৰ ভাৰত সম্পৰ্কত তেওঁ কয় যে ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতো ১৩০কোটি ভাৰতীয় সংকল্পবদ্ধ হৈছে। স্ব-নিৰ্ভৰশীল হবলৈ ১৩০ কোটি ভাৰতীয় সংকল্পবদ্ধ হৈছে বুলি মোদীয়ে মন্তব্য কৰে। এই লক্ষ্যত উপনীত নোহোৱা লৈকে ভাৰতবাসী ক্ষান্ত নহয় বুলিও প্ৰধানমন্ত্ৰীয়ে আজি মন্তব্য কৰে। তেওঁ লগতে এইবুলিও কয় যে আত্মনিৰ্ভৰ ভাৰত সম্প্ৰতি ভাৰতবাসীৰ বাবে এক মন্ত্ৰত পৰিণত হৈছে।