শীৰ্ষ বাতৰি

ক'ৰ'না মহামাৰীঃ অসমত আঢ়ৈ লক্ষাধিক নমুনা পৰীক্ষা সম্পন্ন

যোৱা ২৪ঘণ্টাতে ক’ৰ’নাৰ ১২হেজাৰৰো অধিক নমুনা পৰীক্ষণ কৰা হৈছে ৷

Sentinel Digital Desk

ক'ৰ'না মহামাৰীবিৰোধী যুঁজে ৰাজ্যত অধিক গতি লাভ কৰিছে । ভয়াবহ ৰূপত প্ৰাদুৰ্ভাব ঘটা এই মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে নমুনা পৰীক্ষাত অধিক গুৰুত্ব আৰোপ কৰিছে ৷ ইয়াৰ সুবাদত আজি শুকুৰবাৰলৈকে ৰাজ্য চৰকাৰে ২,৫৮, ৭৯৭টা নমুনা পৰীক্ষা সম্পন্ন কৰিছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা ২৪ঘণ্টাতে ক'ৰ'নাৰ ১২হেজাৰৰো অধিক নমুনা পৰীক্ষণ কৰা হৈছে ৷ "মই এই সম্পন্ন কৰা স্বাস্থ্য সেৱাৰ কৰ্মীসকললৈ অভিবাদন জনাইছো। যোৱা ঘণ্টাত ১২হেজাৰৰো অধিক নমুনা পৰীক্ষা সম্পন্ন হোৱাত আজি ২, ৫৮, ৭৯৭টা নমুনা পৰীক্ষণ সম্পন্ন হ'ল । কালিলৈকে(১৮জুন) ইয়াৰ সংখ্যা ২,৪৬,৫৯০টা আছিল।সকলোকে আমাৰ ক'ৱিড-১৯বিৰোধী যুঁজাৰুসকলক সহযোগ কৰিবলৈ অনুৰোধ জনালো," মন্ত্ৰী শৰ্মাই এইদৰে কয়। 

ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয়-সংস্থাত নিম্নোক্ত ধৰণেৰে নমুনা পৰীক্ষা হৈছেঃ

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ৩০, ১১০টা ৷

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ২৩, ৬২০টা ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰীক্ষাগাৰঃ ৪২, ৪০৬টা ৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ২৮, ২৩৭টা ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ৩৭,৯৩৪টা ।

ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ১, ১০৭টা ৷

আই এ এছ এছ টিঃ ৫, ৩০৫টা ৷

আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰঃ২১, ৪১১টা

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডি আৰ ডি অ)ঃ ১, ৭০৪টা ।

নেইষ্টঃ ৭৪৯টা৷