শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীৰ চেণ্ট্ৰেল মলৰ স্বত্বাধিকাৰী

Sentinel Digital Desk

ৰাজ্যত উদ্ধেগজনকভাবে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্য বৃদ্ধি পোৱাৰ সময়তে এই অতি সংক্ৰামক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে গুৱাহাটীৰ চেণ্ট্ৰেল মলৰ স্বত্বাধিকাৰীৰ শৰীৰত৷ প্ৰাপ্ত তথ্য অনুসৰি আৰ জি বৰৱা ৰোডস্থিত চেণ্ট্ৰেল মলৰ স্বত্বাধিকাৰী ৰোহিত দেওৱাৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷ চিকিৎসাৰ বাবে পিতৃক তেওঁ যোৱা মে'ত নতুন দিল্লীলৈ নিছিল । আজি গুৱাহাটীৰ এজন সংবাদপত্ৰ কৰ্মীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি চেণ্ট্ৰেল মলৰ স্বত্বাধিকাৰী দেওৰাও কৰ'নাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷

ইপিনে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা আজি ১৬জুনৰ পৰা ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত বৃহৎ পৰিসৰত আৰম্ভ হৈছে ক'ৰ'নাৰ নমুনা পৰীক্ষণ ৷ এই উদ্দেশ্যে মহানগৰীৰ বিভিন্ন স্থানত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ চিনাক্ত কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় নমুনা সংগ্ৰহৰ বাবে কেতবোৰ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ উল্লেখ্য যে ভ্ৰমণ ইতিহাস নথকা তথা ৰাজ্য বা দেশৰ বাহিৰলৈ নোযোৱা মহানগৰীৰ ২৫জন লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে ৷ ইয়াৰ দ্বাৰা গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ জন-সমষ্টিগত সংক্ৰমণ বা কম্যুনিটী ট্ৰান্সমিছন আৰম্ভ হোৱাৰ আশংকা প্ৰকট হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক'ৰ'না সংক্ৰমণ চিনাক্তকৰণৰ উদ্দেশ্যে নমুনা পৰীক্ষণৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ নমুনা সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগে মহানগৰীৰ বিভিন্ন স্থানত ১২টা কেন্দ্ৰ মুকলি কৰিছে ৷ এই সম্পৰ্কত স্বাস্থ্য মন্ত্ৰী শৰ্মাই এটা টুইটত কয়, " নমুনা পৰীক্ষণৰ সুবিধা সহজ কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহ মুকলি কৰা হৈছে ৷