শীৰ্ষ বাতৰি

চীনৰে সংঘাতঃ ১৯জুনত সৰ্বদলীয় বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Sentinel Digital Desk

চীনৰে সংঘাত সম্পৰ্কত আলোচনা কৰিবলৈ সৰ্বদলীয় বৈকঠৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাৰতৰ সৈতে সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটাই কালি চীন সৈন্যই লাডাখত শিলবৰ্ষণ কৰি আৰু লাঠিৰে আক্ৰমণ কৰি ২০জন ভাৰতীয় সেনা বিষয়া-জোৱানক নিহত কৰে ৷ ভাৰতীয় সেনাই ততাতৈয়াকৈ প্ৰত্যুত্তৰ দিয়াত চীনৰ কমেও ৩৫জন সেনা-হতাহত হয় ।এনেদৰে দ্ৰুত অৱনতি ঘটাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে অহা ১৯জুন অৰ্থাৎ শুকুৰবাৰে সন্এধিয়া পাঁচ বজাত এক সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে ৷ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হ'বলগা এই বৈঠকত বিভিন্ন দলৰ সভাপতিসকলে অংশ লোৱাৰ কথা ৷ এই সৰ্বদলীয় বৈঠক আয়োজনৰ কথা সদৰী প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটাৰত কয়, " চীন-ভাৰত সীমান্তৰ পৰিস্থিতি আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে অহা ১৯জুনৰ সন্ধিয়া পাঁচ বজাত এক সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে ৷ এই বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ সভাপতিসকলে অংশগ্ৰহণ কৰিব ৷"

চীনৰে পূব লাডাখৰ গলৱান উপত্যকাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা( এল এ চি)-ৰ ওচৰত সংঘটিত এই সংঘাতত ২০জন বিষয়া-জোৱানে ছহিদ বৰণ কৰাটো দেশৰ শীৰ্ষ সেনা বিষয়াসকলে নিশ্চিত কৰিছে ৷