শীৰ্ষ বাতৰি

ক'ৰ'না যোদ্ধা হৰেশ্বৰ নাথক শেষ বিদায় অসম আৰক্ষীৰ

Sentinel Digital Desk

ক'ৰ'না মহামাৰীবিৰোধী যুঁজৰ অক্লান্ত সৈনিক হৰেশ্বৰ নাথক শেষ বিদায় জনালে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়াবৰ্গ তথা আৰক্ষীৰ সকলো পৰ্যায়ৰ বিষয়া-কৰ্মীয়ে নাথলৈ আজি শ্ৰদ্ধাঞ্জলী জনায়। উল্লখ্য যে অসম আৰক্ষীৰ আই আৰ বি এনৰ হাবিলদাৰ হৰেশ্বৰ নাথৰ কালি শুকুৰবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৩বছৰ। তেওঁ ক'ৰ'নাত আক্ৰান্ত আছিল। আই আই টি গুৱাহাটীৰ ক'ৰ'না কেয়াৰ কেন্দ্ৰত ভৰ্তি হৈ থকা অৱস্থাত তেওঁৰ মৃত্যু হয়।উল্লেখ্য যে নাথৰ শৰীৰত ক'ৰ'না সংক্ৰমণৰ লক্ষণ ফুটি উঠা নাছিল। তেওঁৰ শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাত মৃত্যুমুখত পৰে বুলি চৰকাৰী তথ্যত প্ৰকাশ। আৰক্ষীজনৰ অকাল বিয়োগত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব