শীৰ্ষ বাতৰি

সামাজিক ন্যায়ৰ আহিলা হিচাপে প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ দেশৰ ৰাষ্ট্ৰপতিৰ

Sentinel Digital Desk

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে প্ৰযুক্তিক সামাজিক ন্যায়ৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ আহ্বান জনায় লগতে ইয়াৰ সুবিধা যাতে দূৰৱৰ্তী অঞ্চল আৰু দৰিদ্ৰ লোকৰ মাজলৈ যায় তাৰ বাবে আহ্বান জনায়। সামাজিক, অৰ্থনৈতিক, আৰু ডিজিটেল বিভাজন আঁতৰাবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ হ'ব লাগিব বুলি তেওঁ মন্তব্য কৰে।জি নাৰায়ণম্মা ইনষ্টিটিউট অৱ টেকন'লজি এণ্ড চাইন্স ফৰ উইমেন আৰু হায়দৰাবাদৰ মহিলা দক্ষতা সমিতিৰ বি এম মালানী নাৰ্চিং কলেজ আৰু সুমন জুনিয়ৰ কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক সদস্যসকলক দিয়া ভাষণত তেওঁ এই বিষয়ে গুৰুত্ব আৰোপ কৰে ।

''আমি জানো যে মোবাইল ফোন, ইণ্টাৰনেট আৰু সীমাহীন তথ্যই পৃথিৱীৰ চুকে-কোণে বিয়পি পৰিছে। মানুহে আগতে কেতিয়াও নোপোৱাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰিছে। কিন্তু সেয়া হোৱাটো প্ৰয়োজনীয়।" ডিজিটেল সাক্ষৰতাৰ জৰিয়তে সম্ভৱপৰ উৎপাদনশীল ব্যৱহাৰত প্ৰয়োগ কৰা হৈছে", তেওঁ কয়। তেওঁ লগতে মন্তব্য কৰে যে মহামাৰীয়ে দেখুৱাইছে যে মানুহে নতুন প্ৰযুক্তি গ্ৰহণ আৰু শিকিব পাৰে যথেষ্ট ক্ষীপ্ৰতাৰে। দৰাচলতে সময় নিৰ্ধাৰিতভাৱে বৃহৎ জনসংখ্যাক কোভিড ভেকচিনৰ বিকাশ আৰু প্ৰদান কৰাটো প্ৰযুক্তিৰ অলৌকিকতাৰ বাহিৰে আন একো নহয় বুলিও তেওঁ কয়। ৰাষ্ট্ৰপতিগৰাকীয়ে নিজ ভাষণত কয় যে কম্পিউটাৰ, চিকিৎসা সঁজুলি, ইণ্টাৰনেট, স্মাৰ্ট ডিভাইচ, ডিজিটেল পেমেণ্ট চিষ্টেমকে ধৰি প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত অভিযান্ত্ৰিকতাই বৃহৎ ভূমিকা গ্ৰহণ কৰিছে ।আজিৰ পৃথিৱীখনত অভিযান্ত্ৰিকীকৰণৰ ভূমিকা বৃত্তি হিচাপে অতি জটিল হৈ পৰে য'ত অকল্পনীয় আৰু অভূতপূৰ্ব সমস্যাসমূহৰ দ্ৰুত আৰু বহনক্ষম সমাধানৰ প্ৰয়োজন হয় বুলিও তেওঁ কয়। অভিযন্তাসকলৰ পৃথিৱীখনক এখন উন্নত ঠাই হিচাপে গঢ়ি তোলাৰ ক্ষমতা আছে, আৰু তেওঁলোকে বিচাৰি উলিওৱা সমাধান আৰু ভৱিষ্যতে তেওঁলোকে সৃষ্টি কৰিবলগীয়া প্ৰযুক্তিসমূহ জনসাধাৰণৰ মুখী আৰু পৰিৱেশ অনুকূল হ'ব লাগে বুলিও তেওঁ মন্তব্য কৰে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে যে আজিৰ পৃথিৱীত প্ৰযুক্তিৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক, পৰিৱেশ আৰু ভূ-ৰাজনৈতিক মাত্ৰা আছে। ই অহৰহ বিকশিত হৈ আছে আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে।জনসাধাৰণৰ সুবিধাৰ্থে অভিযন্তাসকলে উদ্ভাৱনী প্ৰযুক্তিৰ দ্বাৰা জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বঞ্চিত শ্ৰেণী, জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম ব্যক্তি আৰু বিশেষ সহায়ৰ প্ৰয়োজন হোৱা আন লোকসকলৰ বাবে অভিযান্ত্ৰিক সমাধানৰ কথাও চিন্তা কৰিব লাগে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে । অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মহিলাৰ অৱদান সম্পৰ্কে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমাৰ হাতত বহুতো প্ৰেৰণাদায়ক মহিলাৰ উদাহৰণ আছে যিয়ে বৃহৎ কোম্পানীসমূহৰ নেতৃত্ব দিছে, ষ্টাৰ্টআপ আৰম্ভ কৰিছে আৰু টেলিকম, আই টি, বিমান পৰিবহণ, মেচিন ডিজাইন, নিৰ্মাণ আদি সকলো ক্ষেত্ৰতে বৃহৎ ৰূপত অৱদান আগবঢ়াইছে ।ৰাষ্ট্ৰপতিগৰাকীয়ে নিজ ভাষণত লগতে যোগ দিয়ে যে ভাৰতীয় অৰ্থনীতিৰ বাবে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত - অতি প্ৰয়োজনীয় হোৱাৰ বাবে বিজ্ঞানৰ ধাৰা গ্ৰহণ কৰিবলৈ অধিক মহিলা আগবাঢ়ি অহাৰ প্ৰয়োজন। "যুৱতীসকলক উদ্ভাৱক হিচাপে লালন-পালন কৰিলে দেশখনক শক্তিশালী অৰ্থনীতিৰ দিশত আগুৱাই নিব পাৰি। মহিলাসকলৰ আছে বিভিন্ন দৃষ্টিভংগী আৰু দক্ষতা। মহিলাসকলৰ জ্ঞানমূলক ক্ষমতাই বিভিন্ন পৰ্যায়ত জ্ঞান আৰু প্ৰযুক্তিৰ ধাৰণাৰ ধৰণ সলনি কৰিব পাৰে। তেওঁ লগতে কয় যে মহিলাসকলে তেওঁলোকৰ সন্মুখত অহা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি তেওঁলোকৰ জীৱিকাৰ উত্থান ঘটাব লাগে। ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সবলীকৰণ আৰু আনকো সবলীকৰণৰ পৰামৰ্শ দিয়ে। কেৱল নিজৰ সফলতা আৰু সুখত সন্তুষ্ট হ'ব নালাগে বুলিও তেওঁ পৰামৰ্শ দিয়ে। জাতি আৰু সামগ্ৰিকভাৱে মানৱতাৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য আছে। তেওঁলোকে নিজৰ প্ৰতিভা আৰু প্ৰযুক্তিগত ক্ষমতাক বৃহত্তৰ মংগলৰ বাবে ব্যৱহাৰ কৰিব লাগে বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে আহ্বান জনায়।