শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত ৰাজভৱনৰ বিষয়া-কৰ্মচাৰীৰ সংখ্যা ৭০লৈ বৃদ্ধি

Sentinel Digital Desk

ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱা অসমৰ বিষয়া-কৰ্মচাৰীৰ সংখ্যা ৭০জনলৈ বৃদ্ধি পাইছে। প্ৰাপ্ত তথ্য অনুসৰি নতুনকৈ ৰাজভৱনৰ ২৪জন বিষয়া-কৰ্মচাৰীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ লগে লগে ৰাজ্যপাল জগদীশ মুখীৰ বাসভৱন তথা কাৰ্যালয়ত ক'ৰ'নাত আক্ৰান্ত বিষয়া-কৰ্মচাৰীৰ সংখ্যা ৭০ জনলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে প্ৰথমে ৰাজভৱনৰ দুজন সুৰক্ষা কৰ্মীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।তেতিয়া ৰাজ্যপাল মুখীসহ ৰাজভৱনৰ দুশ বিষয়া-কৰ্মীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এই নমুনা পৰীক্ষাত কেইবাজনো লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।  ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমৰ শৰীৰতো ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ সমান্তৰালভাবে ৰাজভৱনৰ সুৰক্ষা কৰ্মীসহ ৪৫জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।