অশ্লীল ছবি নিৰ্মাণ তথা বিতৰণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ব্যৱসায়ী ৰাজ কুন্দ্ৰাই জামিন বিচাৰি বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ যোৱা মঙ্গলবাৰে সত্ৰ ন্যায়াধীশৰ আদালতে কুন্দ্ৰাৰ জামিন আবেদন নাকচ কৰে ৷ ব্যৱসায়ীজনৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই উল্লেখ কৰা ১৯টা কাৰণৰ ভিত্তিত সত্ৰ ন্যায়াধীশৰ আদালতে তেওঁৰ জামিন আবেদনৰ শুনানী অহা ২০ আগষ্টলৈ স্থগিত ৰাখে ৷
জানিব পৰা মতে, অপৰাধ শাখাই আদালতক অৱগত কৰিছে যে কুন্দ্রাই তদন্তকাৰী আৰক্ষীক তদন্তত সহযোগ কৰা নাই ৷ যদিহে তেওঁক জামিনত দিয়া হয়, তেন্তে তেওঁ নিশ্চিতভাবে পুনৰ এই কামত নামি পৰিব আৰু হয়টো দেশ এৰি পলাই যাবলৈও চেষ্টা কৰিব। ঘটনাটোৰ লগত জৰিত ভুক্তভোগী মহিলাসকল অতি দৰিদ্ৰ পৰিয়ালৰ৷ যদিহে দোষী মুকলি হৈ ঘূৰি ফুৰে তেন্তে তেওঁলোকে আগবাঢ়ি আহি আৰক্ষীক সহায় কৰিবলৈ নিশ্চিতভাবে ভয় কৰিব।