শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত হ'ল অযোধ্যাৰ ৰাম মন্দিৰ ন্যাসৰ মুৰব্বী

Sentinel Digital Desk

ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে অযোধ্যাৰ ৰাম মন্দিৰ ন্যাসৰ মুৰব্বী মহন্ত নৃত্য গোপাল দাস। উল্লেখ্য যে যোৱা ৫ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ অনুষ্ঠানত মহন্ত নৃত্য গোপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে একেলগে আসন গ্ৰহণ কৰিছিল।

অনুষ্ঠানত মুঠ ৫গৰাকী ব্যক্তিয়ে আসন গ্ৰহণ কৰিছিল। এই পাঁচ গৰাকী ব্যক্তিৰে অন্যতম আছিল মহন্ত দাস। সম্প্ৰতি তেওঁ মথুৰাত আছে। ইয়াৰে এগৰাকী স্বয়ং প্ৰধানমন্ত্ৰী মোদী। আন তিনিগৰাকী হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, ৰাজ্যপাল আনন্দিবেন পেটেল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰ এছ এছ)-ৰ মুৰব্বী মোহন ভগৱত।

উল্লেখ্য যে নৃত্য গোপাল দাসে ২০০৩-ৰ পৰা ৰাম জনমভূমি ন্যাসৰ মুৰব্বীৰ দায়িত্ব বহন কৰি আছে।