শীৰ্ষ বাতৰি

নগালেণ্ডৰ চিত্ৰ নিৰ্মাতা ৰেবেকা ছেমালৈ গান্ধী ৰাষ্ট্ৰীয় বঁটা

মহাত্মা গান্ধী গ্লবেল পীচ ফ’ৰামে কলা-সংস্কৃতি আৰু শিক্ষাৰ প্ৰসাৰৰ জৰিয়তে সমাজত শান্তি স্থাপনৰ কাম কৰি আহিছে।

Sentinel Digital Desk

নগালেণ্ডৰ প্ৰখ্যাত চিত্ৰ নিৰ্মাতা তথা সমাজকৰ্মী ৰেবেকা চাংকিজা ছেমাই চলিত বৰ্ষৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। যোৱা ২৫ জুলাইত মহাত্মা গান্ধী গ্লবেল পীচ ফৰামে অনুষ্ঠিত কৰা বিশ্ব শান্তিৰ চতুৰ্দশ ৱেব সন্মিলনত চাংকিজাক এই বঁটা প্ৰদান কৰা হয়।  পূৰ্বে এই বঁটা লাভ কৰাসকলৰ অন্যতম হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলছন মাণ্ডেলা, ডেছমণ্ড টিটো আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো)।

উল্লেখ্য যে চাংকিজা হৈছে চেন্সৰ বোৰ্ড মুম্বাইৰ পৰামৰ্শদাতা সমিতিৰ সদস্য আৰু নৰ্থ-ইষ্ট আনছাং হিৰোছৰ প্ৰতিষ্ঠাপক। এই সংগঠনৰ জৰিয়তে তেওঁ সমাজৰ অৱহেলিত শ্ৰেণীৰ উত্তৰণৰ হকে কাম কৰি অহাসকলক তুলি ধৰাৰ চেষ্টা কৰি আহিছে। বেচৰকাৰী সংগঠন মহাত্মা গান্ধী গ্লবেল পীচ ফ'ৰামে কলা-সংস্কৃতি আৰু শিক্ষাৰ প্ৰসাৰৰ জৰিয়তে সমাজত শান্তি স্থাপনৰ কাম কৰি আহিছে।