শীৰ্ষ বাতৰি

মন্ত্ৰী শৰ্মাক কংগ্ৰেছলৈ আদৰিবলৈ সাজু প্ৰাক্তন মন্ত্ৰী হুছেইন

Sentinel Digital Desk

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী সকলো দলৰ অভ্যন্তৰত বিভিন্ন হিচাপ-নিকাচ চলিছে। বিশেষকৈ শাসক দল বিজেপি আৰু কংগ্ৰেছৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী কোন হ'ব তাক লৈ চৰ্চা তুংগত উঠিছে। এনে অৱস্থাতে এক তাত্পৰ্যপূৰ্ণ মন্তব্য কৰি প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে তেওঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হোৱাটো বিচাৰে। মন্ত্ৰী শৰ্মাক কংগ্ৰেছলৈ আদৰিবলৈ সাজু বুলি প্ৰকাশ কৰি একালৰ প্ৰভাৱশালী মন্ত্ৰীজনে আৰু কয়, " হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দললৈ আহি মুখ্যমন্ত্ৰী হ'ব বিচাৰিলে মই ব্যক্তিগতভাৱে সমৰ্থন কৰিম। অৱশ্যে এয়া মোৰ নিজস্ব মত, দলীয় নহয়"।

আজি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোঠ আদানী গ্ৰুপক গতাই দিয়াৰ প্ৰতিবাদত উক্ত বিমানকোঠত অসম প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি হুছেইনে বিজেপিক কটাক্ষ কৰি কয় যে ৰাজ্যত এতিয়া এক নম্বৰ মুখ্যমন্ত্ৰী আৰু দুই নম্বৰ মুখ্যমন্ত্ৰীক লৈ সংঘাত চলি আছে। বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত মহাজোঁট গঠন কৰাক লৈ এ আই ইউ ডি এফ কে ধৰি বিজেপিবিৰোধী বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন মাজত আলোচনা চলি আছে বুলিও সদৰী কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে।