শীৰ্ষ বাতৰি

গুৱাহাটীৰ এটা এপাৰ্টমেণ্টত ৭৪.৫লাখ জব্দ, তিনিজন গ্ৰেপ্তাৰ

Sentinel Digital Desk

ক'ৰ'নাৰ বিভীষিকাৰ মাজতে গুৱাহাটীৰ এটা এপাৰ্টমেণ্টৰ পৰা আৰক্ষীৰ অপৰাধ শাখাই নগদ ৭৪.৫ লাখ টকা জব্দ কৰিলে। প্ৰাপ্ত তথ্য অনুসৰি অপৰাধ শাখা আৰু মহানগৰ আৰক্ষীৰ দলে গুৱাহাটীৰ চোলাপাৰাত অৱস্থিত এটা এপাৰ্টমেণ্টৰ পৰা এই বিপুল অংকৰ ধন জব্দ কৰে। চোলাপাৰাৰ কালাচিনী নামৰ এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাত নিষিদ্ধ নিচাযুক্ত সামগ্ৰী থকাৰ খবৰ আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰে। সেই অনুসৰি আৰক্ষীয়ে ২৮ জুলাইত উক্ত এপাৰ্টমেণ্টত অভিযান চলায়। অভিযান কালত আৰক্ষীয়ে নগদ ৭৪,০৫,৬০০টকা জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। গুৱাহাটী আৰক্ষীয়ে টুইটাৰত এই কথা প্ৰকাশ কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে, ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এপাৰ্টমেণ্টৰ গৰাকী সংগীতা লেইছাংবামসহ আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।আন দুজন লোকৰ নাম ছেম লেইথাংবাম আৰু থাংখোছাত। ইয়াৰ পূৰ্বেও সংগীতা মহানগৰীৰ বশিষ্ঠ থানাৰ এটা গোচৰত (নম্বৰঃ ৪৪৯/১৯) নম্বৰত গ্ৰেপ্তাৰ হৈছিল।