শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত হ'ল অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক

Sentinel Digital Desk

ক'ৰ'নাত আক্ৰান্ত হৈছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মা। প্ৰাপ্ত তথ্য অনুসৰি শৰ্মা বিগত কিছুদিন জ্বৰ-কাহত আক্ৰান্ত হৈ আছে।ইয়াৰ পৰিপ্ৰেক্ষিতত কালি তেওঁ দ্ৰুত এণ্টিজেন পৰীক্ষা কৰোৱায়। এই পৰীক্ষাত তেওঁৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। তাৰ পাছতে তেওঁ গৃহ আছুতীয়াকৰণত বা হোম কোৱাৰেণ্টিনত থকাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিতে অনুষ্ঠিত নিৰ্বাচনত শৰ্মা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়।   উল্লেখ্য যে সম্প্ৰতি দেশত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৬ লাখৰ অধিক হৈছে।