শীৰ্ষ বাতৰি

সনাতন সংস্কৃতিক সন্মান জনাবলৈ আহ্বান সত্য ৰঞ্জন বৰাৰ

Sentinel Digital Desk

ছ'চিয়েল মিডিয়াৰ জৰিয়তে চৰ্চাত থকা বিতৰ্কিত সত্য ৰঞ্জন বৰাই সকলো লোককে সনাতন সংস্কৃতিক সন্মান জনাবলৈ আহ্বান জনাইছে। শেহতীয়াকৈ একাংশ মাৰ্কিন বিশেষজ্ঞ চিকিত্সকৰ দলে মানব শৰীৰত গাহৰিৰ বৃক্ক সফলতাৰে সংৰোপণ কৰিবলৈ সক্ষম হোৱাৰ প্ৰসংগ উল্লেখ কৰি এটা লাইভ ভিডিঅ'ত বৰাই কয় যে এই উদ্ভাৱনৰ প্ৰকৃত স্বীকৃতি অসমৰ ডাঃ ধনীৰাম বৰুৱাক দিয়া উচিত। ১৯৯১ত ডাঃ বৰুৱাই মানৱ শৰীৰত সফলতাৰে গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰি বৰাই লগতে কয়, " আমি ডাঃ বৰুৱাক যথোচিত সন্মান নিদিলো।

এদিন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো খেদি পঠিওৱা হৈছিল। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাকো অসন্মান কৰা হৈছিল।" আধুনিক বিজ্ঞানে উদ্ভাৱন কৰা বহু কথা দৰাচলতে সনাতন ধৰ্মৰ প্ৰাচীন গ্ৰন্থসমূহত ৫ হেজাৰ পূৰ্বেই উল্লেখ আছিল বুলি মন্তব্য কৰি তেওঁ আৰু কয়, " মহাভাৰতৰ সঞ্জয়ে লাইভ টেলিকাষ্ট কৰিছিল। ভগৱান গণেশৰ মূৰ সংৰোপণ কৰা হৈছিল। এইসমূহ আধুনিক বিজ্ঞানে আজিহে উদ্ভাৱন কৰিছে। গতিকে আমি সকলোৱে আমাৰ সনাতন সংস্কৃতিক সন্মান জনাব লাগে।" উইলিয়াম শ্বেক্সপীয়েৰৰ পূৰ্বেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাটক ৰচনা কৰিছিল বুলিও তেওঁ মন্তব্য কৰে।