শীৰ্ষ বাতৰি

গুৱাহাটীত দেহ ব্যৱসায় চক্ৰ উত্খাত, ১৩ জনক গ্ৰেপ্তাৰ

Sentinel Digital Desk

২ নৱেম্বৰ মঙলবাৰে হাতীগাঁও আৰক্ষীয়ে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত অভিযান চলাই মহানগৰী গুৱাহাটীত দেহ ব্যৱসায় চক্ৰ চলোৱাৰ অভিযোগত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰে।

সূত্ৰ অনুসৰি গ্ৰেপ্তাৰ কৰা ১৩ জন লোকৰ ভিতৰত ৯ গৰাকী মহিলা আছে। অঞ্চলটোৰ স্থানীয় লোকসকলৰ পৰা হাতীগাঁও আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল।

স্থানীয় লোকৰ অভিযোগৰ পিছত চহৰখনৰ অবৈধ দেহ ব্যৱসায় ঘাটি উদ্ঘাটন কৰা হৈছিল। আৰক্ষীৰ দ্বাৰা অভিযান চলাই থকা সময়ত অবৈধ দেহ ব্যৱসায়ত জড়িত থকা লোকসকলক অন্যান্য অনুসন্ধানৰ বাবে হাতীগাঁও আৰক্ষী থানালৈ লৈ যোৱা হৈছিল।

দেহ ব্যৱসায় চক্ৰটোয়ে অভিযান গুৱাহাটীৰ হাতীগাওঁৰ সিজুবাৰী অঞ্চলৰ এজন অধিবক্তাৰ ঘৰৰ পৰা চলাই আছিল । বৰ্তমান গোচৰটোৰ অধিক তদন্ত চলি আছে। ইয়ে গুৱাহাটীত চলি থকা অন্যান্য দেহ ব্যৱসায় চক্ৰ উত্খাত কৰাত সহায় কৰিব পাৰে।

ইয়াৰ পূৰ্বে ছেপ্টেম্বৰত আৰক্ষীৰ দ্বাৰা চলোৱা অভিযানত বশিষ্ঠৰ চিআইডি কমপ্লেক্সত এটা দেহ ব্যৱসায় চক্ৰ উদ্ঘাটন কৰা হৈছিল। এই দেহ ব্যৱসায় চক্ৰটো কমলুদ্দিন আহমেদ নামৰ বিশেষ শাখাৰ এজন হাবিলদাৰৰ ঘৰৰ পৰা চলি আছিল। অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে মায়ঙৰ বাসিন্দা ৩ গৰাকী যুৱতীক উদ্ধাৰ কৰিছিল যাক সূত্ৰ অনুসৰি কমলুদ্দিনে প্ৰলোভিত কৰিছিল। যুৱতীকেইগৰাকীক চাকৰি প্ৰদানৰ ভুৱা প্ৰতিশ্ৰুতিৰে অনা হৈছিল আৰু তাৰ পিছত অবৈধ যৌন সম্পৰ্কৰ ব্যৱসায়ত প্ৰৱেশ কৰোৱা হৈছিল। অভিযুক্ত ব্যক্তিজনক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু ন্যায়িক জিম্মাত ৰখা হৈছিল।