শীৰ্ষ বাতৰি

আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী পুত্ৰক সাক্ষাৎ অভিনেতা শ্বাহৰুখ খানৰ

গ্ৰেপ্তাৰৰ পাছত প্ৰথমবাৰৰ বাবে পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান কৰা হয় আৰয়ানক।

Sentinel Digital Desk

নিষিদ্ধ ড্ৰাগছ সেৱনৰ অপৰাধত গ্ৰেপ্তাৰ হৈ মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা আৰয়ান খানৰ সৈতে ১৮মিনিট সময়ৰ বাবে সাক্ষাৎ কৰে অভিনেতা পিতৃ শ্বাহৰুখ খানে। পিতৃৰ সাক্ষাত্ পাই আৰয়ান কিছু আবেগিক হৈ পৰে বুলি জানিবলৈ পোৱা গৈছে।

কাৰাগাৰ কৰ্তৃপক্ষৰ উপস্থিতিত দুয়োৰে সাক্ষাত ঘটে। কিছু নিৰাপত্তা কাৰণবশতঃ পৰিদৰ্শক পৰ্যায়ৰ এগৰাকী বিষয়াও তাত উপস্থিত থাকে। অভিনেতা খান কাৰাগাৰ গৈ উপস্থিত হোৱা সময়লৈকে ঠাই সংবাদ মাধ্যম আৰু কাৰাগাৰ কৰ্তৃপক্ষই ঘেৰাও কৰি ৰাখে।

পিতা - পুত্ৰৰ মাজত আছিল এখনি আইনাৰ দেৱাল আৰু দুয়োয়ে এজনে আনজনৰ সৈতে সংষ্পৰ্শ কৰিব পাৰিছিল দেৱালৰ দুয়োপাৰে থকা টেলিফোন যোগে।

অভিনেতাগৰাকীক পুত্ৰক লগ কৰিবলৈ ২০মিনিট সময় দিয়া হৈছিল যদিও তেওঁ ১৮মিনিট পাছতেই বাহিৰলৈ ওলাই আহে।

প্ৰাপ্ত তথ্য অনুসৰি অভিনেতাগৰাকীক কোনো ধৰণৰ বিশেষ সুবিধা প্ৰদান কৰা হোৱা নাছিল। দুয়ো ক'ভিড প্ৰটকল অনুসৰি আইনাৰ দেৱালৰ মাজেৰে লগ কৰিছিল আৰু ঠাইখিনিত প্ৰায় পাঁচগৰাকী দেহৰক্ষীও উপস্থিত আছিল।