শীৰ্ষ বাতৰি

নিৰ্বিনিয়োজনঃ সিদ্ধান্ত দ্ৰুত ৰূপায়নৰ পোষকতা সীতাৰমণৰ

Sentinel Digital Desk

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান(চি পি এছ ইউ)সমূহৰ নিৰ্বিনিয়োজনৰ ক্ষেত্ৰত গৃহীত সিদ্ধান্তসমূহৰ দ্ৰুত ৰূপায়নৰ পোষকতা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিত্তমন্ত্ৰীগৰাকীয়ে মঙলবাৰে কয় যে কেবিনেটে অনুমোদন জনোৱা নিৰ্বিনিয়োজনৰ সিদ্ধান্তসমূহৰ দ্ৰুত ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদানৰ প্ৰয়োজন হৈছে। উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত নিৰ্বিনিয়োজন প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে। আনকি কেতবোৰ বৃহত পি এছ ইউ বিক্ৰীৰ ক্ষেত্ৰতো স্থবিৰতাৰ সৃষ্টি হয়। এনে অৱস্থাতে বিত্তমন্ত্ৰীগৰাকীয়ে নিৰ্বিনিয়োজন প্ৰক্ৰিয়া দ্ৰুততৰ কৰি তোলাৰ পোষকতা কৰিছে।

তেওঁ লগতে কয় যে দেশত ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ সময়ৰে পৰা চৰকাৰে গ্ৰহণ কৰা গাঁথনিগত বৃহত সংস্কাৰসমূহ সাধনৰো প্ৰয়োজন হৈছে। এইসমূহত চৰকাৰে মূল গুৰুত্ব আৰোপ কৰিছে বুলি বিত্তমন্ত্ৰী সীতাৰমণে সদৰী কৰে। তেওঁ আৰু কয় যে মোদী চৰকাৰে গ্ৰহণ কৰা সকলো নীতিতে গাঁথনিগত উপাদান আছে। আনহাতে, অৰ্থনীতিক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আন্তঃৰাজ্যিক যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ নকৰিবলৈ জাৰি কৰা নিৰ্দেশৰ কথাও বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ক'ৰ'না মহামাৰীয়ে বিভিন্ন ক্ষেত্ৰ যেনে পৰ্যটন, আতিথ্য, নিৰ্মাণ আদি খণ্ডত ব্যাঘাত জন্মোৱা বুলি মন্তব্য কৰি বিত্তমন্ত্ৰীগৰাকীয়ে আৰু কয়, " সম্প্ৰতি যুগপত আৰু সহযোগিতামূলক কাৰ্যসূচী গ্ৰহণৰ প্ৰয়োজন হৈছে। বৰ্তমানৰ সংকটৰ পৰা পৰিত্ৰাণ লাভৰ বাবে চৰকাৰ, উদ্যোগ, নিয়ন্ত্ৰক সংস্থা আদি সকলোৱে সহযোগিতাৰে কাম কৰাৰ প্ৰয়োজন হৈছে"।