শীৰ্ষ বাতৰি

তামিলনাডুৰ শক্তিক্ষেত্ৰত বিস্ফোৰণত কমেও ৬জনৰ মৃত্যু

তামিলনাডুৰ কুড্ডাল’ৰ জিলাৰ এখন শক্তিক্ষেত্ৰত বিস্ফোৰণ ঘটি কমেও ৬জন লোকৰ প্ৰাণহানি ঘটে।

Sentinel Digital Desk

যেন ভূতৰ ওপৰত দানহ! ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাৱৰ সময়তে বুধবাৰে তামিলনাডুৰ কুড্ডাল'ৰ জিলাৰ এখন শক্তিক্ষেত্ৰত বিস্ফোৰণ ঘটি কমেও ৬জন লোকৰ প্ৰাণহানি ঘটে। প্ৰাপ্ত তথ্য অনুসৰি কুড্ডাল'ৰ জিলাস্থিত নেইভেলী লিগনাইট শক্তিক্ষেত্ৰত হোৱা বিস্ফোৰণত ৬ জন লোকৰ প্ৰাণহানি ঘটাৰ লগতে আন ১৭জন আহত হয়। বিস্ফোৰণটো ঘটাৰ লগে লগে শক্তিক্ষেত্ৰখনত ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ইতিমধ্যে আহতসকলক নিকটৱৰ্তী হাস্পতাললৈ নিয়া হৈছে। কুড্ডাল'ৰ জিলা তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা ১৮০ কিলোমিটাৰ দূৰৈত অৱস্থিত। এই শক্তিক্ষেত্ৰৰ সাতটা গোটত ১,৪৭০ মেগাৱাট বিদ্যুত উৎপাদন কৰা হয়।