শীৰ্ষ বাতৰি

দিল্লী আৰু শ্বিলঙৰ মাজত বিমান চলাব স্পাইচজেটে

Sentinel Digital Desk

শ্বিলংঃ উত্তৰ-পূব ৰাজ্য মেঘালয়ৰ বিমান সংযোগ দেশৰ বাকী অংশলৈ উন্নত কৰাৰ প্ৰয়াসত স্পাইচজেটে ৰাজধানী চহৰ শ্বিলংলৈ বিমান সেৱা আৰম্ভ কৰিব।

ভাৰতীয় বিমান পৰিবহণ কোম্পানী স্পাইচজেটৰ সৈতে মেঘালয় পৰিবহণ নিগমে শিলচৰ আৰু দিল্লীৰ মাজত পোনপটীয়া বিমান চলাচলৰ চুক্তি স্বাক্ষৰিত হোৱাৰ কথা উল্লেখ কৰিছে চৰকাৰী সংস্থাটোৰ বিষয়াসকলে। এই প্ৰত্যক্ষ বিমান সেৱা সপ্তাহত দুবাৰকৈ সোমবাৰ আৰু শুকুৰবাৰে চলিব। আৰু এই সেৱা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।