শীৰ্ষ বাতৰি

চাকৰিৰ আবেদনৰ সৰ্বোচ্চ বয়স বৃদ্ধিঃ ৰাজ্যিক মন্ত্ৰী পৰিষদৰ অনুমোদন

Sentinel Digital Desk

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে কৰা আবেদনৰ সৰ্বোচ্চ বয়স বৰ্তমানৰ ৩৮ বছৰৰ পৰা ৪০ বছৰলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাবে ৰাজ্যিক মন্ত্ৰী পৰিষদৰ বৈঠকে এই প্ৰস্তাৱত অনুমোদন জনায়। উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰৰ চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদনৰ সৰ্বোচ্চ বয়স ৩৮ বছৰৰ পৰা ৪০ বছৰলৈ বৃদ্ধি কৰা হব বুলি ঘোষণা কৰে।

কালি মন্ত্ৰী পৰিষদৰ বৈঠকে এই প্ৰস্তাৱত অনুমোদন জনায়। তদুপৰি মন্ত্ৰী পৰিষদৰ বৈঠকে আন কেইবাটাও সিদ্ধান্তত অনুমোদন জনায়। মুখ্যমন্ত্ৰী সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনোৱা এই সিদ্ধান্তসমূহৰ ভিতৰত আছে দক্ষতা উন্নয়ন বিশ্ববিদ্যালয় স্থাপনৰ বিধেয়ক। নশ কোটি টকা ব্যয় সাপেক্ষে এই দক্ষতা উন্নয়ন বিশ্ববিদ্যালয় মঙলদৈত স্থাপন কৰা হ'ব। বৈঠকে লগতে অসম ঐতিহ্যস্থলী সুৰক্ষা আৰু সংৰক্ষণ বিধেয়কতো অনুমোদন জনায়। এই বিধেয়কসমূহ আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হব।

আনহাতে, তিৱা স্বায়ত্বশাসিত পৰিষদ আৰু ৰাভা হাছং স্বয়ত্বশাসিত পৰিষদৰ অঞ্চলক প্ৰস্তাৱিত অসম ৰাজ্যিক ৰাজধানী অঞ্চলৰ পৰা বাহিৰত ৰখাৰ সিদ্ধান্তত উক্ত বৈঠকে অনুমোদন জনায়। তদুপৰি ক'ৰ'নাত সাংবাদিক, গৃহৰক্ষী আৰু চৰকাৰী কেজুৱেল কৰ্মী মৃত্যুমুখত পৰিলে ৫০লাখ টকা আদায়ৰ প্ৰস্তাৱতো উক্ত বৈঠকে অনুমোদন জনায়। ইপিনে, অসম্পূৰ্ণ ধনশিৰি জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে নাবাৰ্ডৰ পৰা ১১৬কোটি টকাৰ ঋণ গ্ৰহণত বৈঠকে অনুমোদন জনায়। উল্লেখ্য যে ১৯৭৫তে ধনশিৰি জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।