শীৰ্ষ বাতৰি

ক'ৰ'নাঃ অসম চৰকাৰৰ অধিক ঋণ গ্ৰহণৰ পথ মুকলি

Sentinel Digital Desk

জটিলতা মোচনৰ বাবে ৰাজ্য চৰকাৰে ঋণ গ্ৰহণৰ পথ মুকলি হ'ল। বুধবাৰে বিধানসভাত অসম বিত্তীয় দায়িত্ব আৰু বাজেট ব্যৱস্থাপনা(সংশোধনী)বিধেয়ক গৃহীত হয়। ইয়াৰ লগে লগে ৰাজ্য চৰকাৰে অধিক ঋণ গ্ৰহণৰ পথ মুকলি হৈছে। অৱশ্যে এই সংশোধনী বিধেয়কে ২০২০-২১বৰ্ষৰ বাবেহে কেৱল ঋণ গ্ৰহণৰ অনুমতি দিছে। এই সংশোধনী বিধেয়ক উত্থাপনৰ উদ্দেশ্য ব্যাখ্যা কৰি কোৱা হৈছে যে ২০১৮-১৯ত কম পৰিমাণৰ কৰ ৰাজহ সংগ্ৰহ হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৰাজ্যই ২০১৯-২০ত পাবলগীয়া অংশৰ বিপৰীতে ৫৮,৮৪৫কোটি টকা মিলায় ।

এই মুঠ পৰিমাণৰ ধনৰ এক অংশ ১, ৯৪৯কোটি টকা অসমৰ বাবে মিলোৱা হয় ৷ তদুপৰি ক'ৰ'না মহামাৰীয়ে বিত্তীয় ব্যৱস্থাত অত্যধিক চাপৰ সৃষ্টি কৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৰাজ্যিক জি ডি পিৰ ২ শতাংশ সীমা(২৯২০-২১ বিত্তীয় বৰ্ষ)লৈকে ঋণ গ্ৰহণৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজনত ইয়াৰ বাবে বিত্তীয় দায়িত্ব আৰু বাজেট ব্যৱস্থাপনা আইন সংশোধন কৰিব লাগিব ৷ ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমানে ৰাজ্য চৰকাৰে ৰাজ্যিক জি ডি পিৰ ৩.৫ শতাংশ পৰ্যন্ত ঋণ গ্ৰহণ কৰিব পৰা অৱস্থাত আছে।