শীৰ্ষ বাতৰি

দুৰ্গাপূজাঃ ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি

Sentinel Digital Desk

ক'ৰ'নাৰ বিভীষিকাই ইতিমধ্যে শাৰদ উৎসৱৰ আনন্দ-উচাহ ম্লান পেলাইছে। আগন্তুক দুৰ্গা-পূজা পূৰ্বৰ লেখীয়াকৈ পালিত নহয়, তাৰ বাবে ৰাজ্য চৰকাৰো সতৰ্ক হৈ উঠিছে। কাৰণ পূৰ্বৰ লেখীয়াকৈ পূজা পালন কৰিলে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ অধিক পোৱাৰ আশংকা আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পূজা পালন অনুষ্টুপীয়া কৰাত গুৰুত্ব আৰোপেৰে কেতবোৰ নীতি-নিৰ্দেশাৱলী ( গাইডলাইন) জাৰি কৰিছে। বুধবাৰে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা এই নীতি-নিৰ্দেশাৱলী এনে ধৰণৰঃ

১) পূজা মণ্ডপৰ ওচৰে-পাঁজৰে কোনো মেলা অনুষ্ঠিত কৰিব নোৱাৰিব৷

২) কোনো পথৰ কাষত অস্থায়ী মণ্ডপ স্থাপন কৰিব নোৱাৰিব ৷

৩) পুৰোহিত আৰু আয়োজককে ধৰি সৰ্বাধিক ৩০জন লোককহে পূজা মণ্ডপত সমবেত হ'ব পাৰিব ৷

৪) সামাজিক দূৰত্ব মানি চলি পূজা মণ্ডপত সৰ্বাধিক ২০জন ভক্তহে সমবেত হ'ব পাৰিব ৷

৫) মাস্ক পৰিধান নকৰা আৰু পূজাস্থলীৰ ওচৰত হাত নোধোৱা কোনো লোককে পূজাৰ আয়োজকে পূজা মণ্ডপত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব ৷

৬) কোনো পৰিস্থিতিতে প্ৰতিমা বিসৰ্জনৰ বাবে সমদল উলিয়াবলৈ অনুমতি দিয়া নহ'ব ৷