শীৰ্ষ বাতৰি

শিক্ষা ঋণৰ ৰাজসাহায্য আঁচনি পুনৰ মুকলি অসম চৰকাৰৰ

Sentinel Digital Desk

শিক্ষা ঋণৰ ৰাজসাহায্য আঁচনি পুনৰ মুকলি কৰিছে অসম চৰকাৰে। আজি গুৱাহাটীত এখন সংবাদমেলত এই কথা ঘোষণা কৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই আঁচনিৰ সুবিধা লাভৰ বাবে অহা ২০ছেপ্টেম্বৰৰ পূৰ্বে আবেদন জনাব লাগিব। এই আঁচনিৰ অধীনত শিক্ষা ঋণ গ্ৰহণ কৰিলে, মুঠ ঋণৰ ধনৰ ৫০হেজাৰ টকা ৰাজ্য চৰকাৰে বহন কৰিব। উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই আঁচনি স্থগিত ৰাখে চৰকাৰে ৷

আঁচনিখন পুনৰ মুকলিৰ কথা ঘোষণা কৰি সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে ইতিমধ্যে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত ১,৫৪৫ জনৰ ৰাজসাহায্য বহন কৰিছে। ৫,৫৪৭০জনৰ আবেদন চৰকাৰে মঞ্জুৰ কৰিছে। যিসকল ইচ্ছ্যুক আবেদনকাৰীয়ে কৰা নাই, তেওঁলোকে www.assamfinanceloans.in লগ অন কৰি আবেদন জনাব পাৰিব।